মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা— ২০১৬

শ্রেণী: পঞ্চম
মাধ্যম: অসমীয়া
সময়: ৩ ঘণ্টা

মুঠ নম্বৰ : ১০০



(PART— I)

বিষয়: অসমীয়া

(নম্বৰ: ১৫)

১) উত্তৰ দিয়া:

  (ক) ‘সৰু ছোৱালী আৰু পখী’ কবিতাটো কোনে ৰচনা কৰিছিল? ১

  (খ) শ্ৰীমন্ত শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম কি? ১

  (গ) অমল প্রভা দাসক চৰকাৰে কি সন্মান দিব বিচাৰিছিল? ১

  (ঘ) ভতুৱা আৰু খঁকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল? ১

  (ঙ) প্ৰক্ষেপ চিহ্নটো কি, লিখা। ১

২। (ক) ওজা-পালিসকলে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা, লিখা। ২

    (খ) তুমি দেখা দুবিধ লোকনাট্য অনুষ্ঠানৰ নাম লিখা ৷ ২

৩৷ অৰ্থ লিখা:    ১x২=২

    পৃথিৱী, সূৰ্য

৪। এটা শব্দত প্রকাশ কৰা:

   (ক) নিজৰ ওপৰত নিৰ্ভৰশীল লোক। ১

   (খ) দেউতাৰ ভনীয়েক৷ ১

৫। খালী ঠাই পূৰ কৰা ১

    ____ গুৰুক সন্মান কৰিবা।

৬। বিপৰীত শব্দ লিখা: \(\frac{১}{২}\) x ২=১

    যোগ, আকাশ।

 

(PART— II)

Sub : English

(Marks : 10)

1. Answer the following questions : 2x2=4

   (a) What kind of child was Sanatambi?

   (b) Who brought the mango home?

2. Write action words by adding ‘ed’: 1 x 2=1

   (a) Line.

   (b) Admit.

3. Write the opposite words of the following: 1x2=2

    Strong, Happy

4. Write the meaning of the following words: 1x2=2

   (a) Chatterer

   (b) Opinion

5. Fill in the blank: 1

    In the morning, we say____.


(PART— III)

বিষয়: গণিত

(নম্বৰ: ২৫)

১। উত্তৰ দিয়া: ১ x ৬=৬

   (ক) চাৰিটা সংখ্যাৰে লিখিব পৰা সৰু সংখ্যাটো কি, লিখা।

   (খ) জুলীয়া পদাৰ্থৰ জোখৰ একক কি, লিখা।

   (গ) 9 x __ =72 (খালী ঠাইত কি সংখ্যা হ’ব, লিখা)

   (ঘ) 1 x 1 x 1 x 0 = কিমান, লিখা।

   (ঙ) 100.00 টকাৰ \(\frac{1}{2}\) ত অংশ মানে কিমান, লিখা৷

   (চ) এক সমকোণত কিমান ডিগ্ৰী, লিখা।

২। 90.00 টকাৰ পৰা 37.50 টকা বিয়োগ কৰা। ২

৩। 1 কেজি পনীৰৰ দাম 480 টকা হ’লে 250 গ্ৰাম পনীৰৰ দাম কিমান? ২

৪। বেলাৰ পদ্ধতি প্রয়োগ কৰি পূৰণ কৰা : \(\frac{১}{২}\) x ২=৩

   (ক) 73 x 64 =?

   (খ) 326 x 104 =?

৫। হৰণ কৰা: 1\(\frac{১}{২}\) x ২=৩

   (ক) 550 ÷ 25 =?

   (খ) 99 ÷ 9 =?

৬। এজন কৰ্মচাৰীৰ এদিনৰ দৰমহা 290 টকা হ’লে এক সপ্তাহত সি কিমান টকা দৰমহা পাব? ৩

৭। প্ৰদীপে নিজৰ পঢ়া কোঠাটোত টালি লগালে। কোঠাটোৰ দৈৰ্ঘ্য 22 ফুট, বহল 12 ফুট। 1 ফুট বৰ্গৰ কিমানখন টালিৰ প্রয়োজন হ’ব? ৩

৮৷ এখন 500 টকীয়া, 2 খন 100 টকীয়া, 2 খন 20 টকীয়া, এখন 50 টকীয়া, 3 খন 2 টকীয়া আৰু 1 টা 50 পইচাৰ মুদ্ৰা লগ লগালে কিমান টকা হ’ব? ৩

 

(PART— IV)

বিষয় : কলা শিক্ষা আৰু সাধাৰণ জ্ঞান

(নম্বৰ: ২৫)


১৷ এটা মেলা ছাতিৰ ছবি আঁকা। ১০

২। যি কোনো এপাহ ফুলৰ ছবি আঁকা। ৫

৩। ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ১

৪৷ অসমৰ কোনখন জিলাত শংকৰদেৱৰ জন্ম হৈছিল? ১

৫। কলিয়াবৰ আৰু তেজপুৰক সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ দলংখনৰ নাম কি? ১

৬৷ অসমৰ কোনখন ঠাইক তৈলনগৰী বুলি কোৱা হয়? ১

৭। স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদৰ নাম লিখা। ১

৮৷ L.P. School মানে কি? ১

৯। জাতিংগা কোন জিলাত, লিখা। ১

১০। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৈ যোৱা নদীখনৰ নাম লিখা । ১

১১। পঞ্চতীৰ্থ বুলি কোনখন ঠাইক কোৱা হয়? ১

 

(PART— V)

বিষয়: পৰিৱেশ অধ্যয়ন

(নম্বৰ: ২৫)

 

১। উত্তৰ লিখা: ১ x ৫=৫

  (ক) কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল?

  (খ) পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম কি?

  (গ) সংবিধান সভাৰ প্রথম সভাপতিজনৰ নাম কি?

  (ঘ) পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম কি?

  (ঙ) কিমান তাৰিখে শিশু দিৱস পালন কৰা হয়, লিখা।

২। উত্তৰ দিয়া: ২ x ৫ = ১০

  (ক) গাঁও পঞ্চায়তৰ যি কোনো দুটা কাম কি, লিখা।

  (খ) মণিপুৰ আৰু মেঘালয়ৰ ৰাজধানী দুখনৰ নাম লিখা।

  (গ) প্ৰাকৃতিক দুৰ্যোগত ল’ব লগা দুটা উপায় কি, লিখা।

  (ঘ) তোমাৰ শৰীৰৰ দুটা মূল অংগৰ নাম লিখা।

  (ঙ) ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা দুজন অসমীয়া ব্যক্তিৰ নাম লিখা।

 

৩। উত্তৰ লিখা:

  (ক) উত্তৰ-পূব ভাৰতৰ তিনিটা জনগোষ্ঠীৰ নাম লিখা। ৩

  (খ) পৌৰ নিগমৰ কাৰ্যকাল কিমান বছৰ, লিখা ৷ ১

  (গ) অসমত মুঠ কিমানখন বিধানসভাৰ আসন আছে, লিখা৷ ১

৪। কোন চনৰ, কিমান তাৰিখে ড° ভূপেন হাজৰিকাৰ মৃত্যু হয়? ২

৫। গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীৰ কোন ঠাইত আছে,লিখা। ১

৬। মহাবীৰ লাচিতে বন্ধা গড়টোক (আলি) কি নামেৰে জনা যায়? ১

৭। এটা ফুটবল দলত কিমানজন খেলুৱৈ থাকে, লিখা। ১



অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ