মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা—২০১৫

PART —I

বিষয়: অসমীয়া (মাতৃভাষা)

(নম্বৰ: ১৫)

1. উত্তৰ লিখা: 1x5=5

(ক) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?

(খ) সমন্বয় শব্দই কি বুজায়?

(গ) এটা ধ্বন্যাত্মক শব্দ লিখা।

(ঘ) এজন শিশু-সাহিত্যিকৰ নাম লিখা।

(ঙ) অমলপ্রৰভা দাসক কিমান চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল?

2. অৰ্থ প্রকাশ হোৱাকৈ বাক্য সাজা: \(\frac{1}{2}\) + \(\frac{1}{2}\)=1

আঁতি-গুৰি, প্ৰাৰ্থনা

3. যুক্তাক্ষৰ গঠন কৰি এটাকৈ শব্দ লিখা: \(\frac{1}{2}\) + \(\frac{1}{2}\)=1

ন+ত+ৰ=                     স+থ=

4. সমাৰ্থক শব্দ লিখা (এটাকৈ): \(\frac{1}{2}\) + \(\frac{1}{2}\)=1

সূৰ্য, চকু

5. (ক) কাল নিৰ্ণয় কৰা: মই যোৱাকালি স্কুললৈ যোৱা নাছিলোঁ। 1

(খ) আঁচ টনা শব্দটোৰ সলনি সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যটো লিখা:

নীলাই গান গাই ভাল পায়। 1

6. এটা শব্দত প্রকাশ কৰা: যিয়ে শিক্ষাদান কৰে। 1

7. খালী ঠাই পূৰ কৰা: \(\frac{1}{2}\) + \(\frac{1}{2}\)=1

(ক) যত্ন কৰিলে ____ পায়।

(খ) ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ’ল____৷

8. চমুটোকা লিখা (যিকোনো এটাৰ): 3

(ক) বিহু (খ) পুতলা নাচ

 

PART -II

Sub : English

(Marks : 10)

9. Answer the following questions :

(a) Where did the polar bear live with her family? 1\(\frac{1}{2}\)

(b) Where did Malu want to travel ? 1\(\frac{1}{2}\)

10. Answer the following question about yourself:

(1) What languages do you speak? 1

11. Fillin the blank with questions words:

___ do you get up? 1/;

12. Write the following sentence using for or since.

(a) I have lived in this house ___ I was born. \(\frac{1}{2}\)

(b) This big jar in our family ___ many years. \(\frac{1}{2}\)

13. Write the full form of:  \(\frac{1}{2}\) + \(\frac{1}{2}\) ==1

(a) Weren’t (b) Couldn’t

14. Write two more words ending -ly.  \(\frac{1}{2}\) + \(\frac{1}{2}\) =1

15. Fill in the blanks with appropriate articles: \(\frac{1}{2}\) + \(\frac{1}{2}\) =1

(a) The boy sand girls went to seaside for a picnic.

(b) She bought ___ umbrella yesterday.

16. Write the opposites of the following words: \(\frac{1}{2}\) + \(\frac{1}{2}\) =1

(a) Slow (b) Minimum speed

17. Make it plural: Man \(\frac{1}{2}\)

 

(PART -III)

বিষয়: গণিত

(নম্বৰ: ২৫)

 

18. (ক) এক সমকোণৰ 2 গুণ = __° \(\frac{1}{2}\) x 6=3

(খ) 75 পইচা 1 টকাৰ কিমান অংশ?

(গ) 11 মিটাৰ 5 ছেমি: = ___ মিটাৰ।

(ঘ) এটা ঘনকৰ চুক কেইটা? 1

(ঙ) 24 ঘণ্টাৰ \(\frac{1}{3}\) অংশ মানে কিমান ঘণ্টা? 1

(চ) 100 কি:গ্রামৰ \(\frac{1}{2}\) মানে কিমান? 1

19. (ক) \(\frac{1}{3}\)-ৰ দুটা সমমান ভগ্নাংশ লিখা। 1x3=3

(A) 4, 5, 6 ৰ আটাইতকৈ সৰু গুণিতকটো লিখা৷

(গ) 100 টকাৰ পৰা 45 টকা 50 পইচা বিয়োগ কৰা। 1

20. এটা কণীৰ দাম 2.50 টকা হ’লে 2\(\frac{1}{2}\) ডজন কণীৰ দাম কিমান? 2

21. বেলাৰ পদ্ধতি প্রয়োগ কৰি পূৰণ কৰা: 236 x 48                      2

22. এটা বাকচত 24 খনকৈ কিতাপ ভৰালে, 576 খন কিতাপ ভৰাবলৈ কেইটা বাকচ লাগিব? 2

23. এজন কৰ্মচাৰীৰ এদিনৰ দৰমহা 195 টকা হ’লে, জানুৱাৰী মাহত তেওঁ কিমান দৰমহা পাব? 2

24. এটা আয়তৰ দীঘ 10 ছেমি: প্ৰস্থ 8 ছে:মি: হ’লে‍ পৰিসীমা কিমান? 2

25. 5 ছেমি: জোখৰ এটা বৰ্গ আঁকা।              3

26. এটা ঘনকৰ দীঘ 20 ছে:মি: প্ৰস্থ 10 ছে:মি:, উচ্চতা 6 ছেমি: হ’লে আয়তন কিমান হ’ব? 4

 

(PART -IV)

বিষয়: কলা শিক্ষা আৰু সাধাৰণ জ্ঞান

(নম্বৰ: ২৫)

27. পানীত ফুলি থকা এপাহ পদুম ফুলৰ ছবি আঁকা। 10

28. যিকোনো এটা পাতৰ ছবি আঁকা। 5

29. উত্তৰ দিয়া: 1x10=10

(ক) ‘মিছাইল মেন’ বুলি কাক কোৱা হয়?

(খ) জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

(গ) ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয় দলংখনৰ নাম কি?

(ঘ) সুধাকণ্ঠ দিৱস কোন তাৰিখে পালন কৰা হয়?

(ঙ) দুৰ্গাপূজাক কি উৎসৱ বুলি জনা যায়?

(চ) চীন-ভাৰতৰ সীমাৰেখাডালৰ নাম কি?

(ছ) অসমৰ দুটা লোকনাট্য অনুষ্ঠানৰ নাম লিখা৷

(জ) স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্ৰীজনৰ নাম কি আছিল?

(ঝ) বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি?

(ঞ) SSA-ৰ সম্পূৰ্ণ নামটো কি?

 

(PART -V)

বিষয়: পৰিৱেশ অধ্যয়ন

(নম্বৰ: ২৫)

30. উত্তৰ লিখা : 1x4=4

(ক) ব্ৰহ্মপুত্ৰ নৈৰ এখন উপনৈৰ নাম লিখা।

(খ) আমলখিত কি ভিটামিন থাকে?

(গ) দুটা ৰাষ্ট্ৰীয় দিৱসৰ নাম লিখা।

(ঘ) নীলাচল পাহাৰত থকা মন্দিৰটোৰ নাম কি?

31. খালী ঠাই পূৰ কৰা: 1x4=4

(ক) ভাৰতৰ ৰাজধানী ____।

(খ) গুৱাহাটী পৌৰনিগম ____ চনত স্থাপন কৰা হৈছিল।

(গ) ____ সংবিধানখন অতি দীঘলীয়া সংবিধান।

(ঘ) ভাৰতীয় নাগৰিকৰ ___ টা মৌলিক কৰ্তব্য আছে।

30. চমু উত্তৰ দিয়া; 2x5=10

(ক) ভূমিকম্প হ’লে ল’বলগীয়া দুটা ব্যৱস্থাৰ নাম লিখা।

(খ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্রয়োজন?

(গ) দুবিধ জৈৱিক সাৰৰ নাম লিখা।

(ঘ) দুটা সামাজিক সমস্যাৰ নাম লিখা।

(৬) ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা?

33. চমু টোকা লিখা (যিকোনো এটাৰ): 3

(ক) কু-সংস্কাৰ (খ) অন্ধবিশ্বাস

34. নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য কি? নীতিসমূহক কেই ভাগত ভাগ কৰা হৈছে আৰু কি কি? 1x 4=4



অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ