পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (চত‍ুৰ্থ শ্ৰেণী, সমল নং: ২)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল
(সমল নং-২)
(চতুৰ্থ শ্ৰেণীৰ বাবে)



বিষয়— অসমীয়া (অংকুৰণ)
পাঠ নং— ১: ‘মোৰ দেশ ভাল’ (কবিতা)

১) ‘মোৰ দেশ ভাল’ পদ্যটি শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা—

(ক) ‘মোৰ দেশ ভাল’ বুলি কবিয়ে কোনখন দেশৰ কথা কৈছে?

উত্তৰ: ‘মোৰ দেশ ভাল’ বুলি কবিয়ে অসমৰ কথা কৈছে৷

(খ) ‘ক’ত আছে এনে’— বুলি কবিয়ে কি কি বস্তুৰ কথা কৈছে তাৰ এখন তালিকা প্ৰস্তুত কৰা৷

উত্তৰ:

মাটি‍ পানী
ধান ধন
পলু এৰী মুগা পাট
পখী অমাতৰ মাত
ফুল ফল
ঠাই আই

(গ) ‘‘ক’ত আছে এনে ঠাই সৰগ-ফুলনি

       ক’ত আছে এনে আই সোণৰ গোসাঁনী!’’

       — পদ্যছোৱাত ‘ঠাই’ আৰু ‘আই’-ক কাৰ লগত তুলনা কৰিছে?

উত্তৰ: পদ্যছোৱাত ‘ঠাই’-ক সৰগ ফুলনিৰ লগত আৰু ‘আই’-ক সোণৰ গোসাঁনীৰ লগত তুলনা কৰিছে৷

২) শব্দবোৰৰ অৰ্থ লিখা—

শব্দ অর্থ
ক) চৰণ--- ভৰি
খ) সুধা--- অমৃত
গ) ধৰণী--- পৃথিৱী
ঘ) পলু--- মুগা, পাট আদিৰ পোক

৩) অন্ত ধ্বনিৰ মিল ধকা পাঁচটা শব্দ লিখা—

ক্ষীণ   ঋণ     দিন  
ক)   ফুল     কুল  
খ)   ধন     মন  
গ)   পানী     মানী  
ঘ)   পখী     সখী  
ঙ)   চপৰা     জপৰা  

8) জানো আহা—

মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ, কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ-গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দবোৰ ব্যৱহাৰ কৰা হয়৷

সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা৷

(ক) ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা                 দীঘল আৰু ব্ৰহ্মপুত্ৰ                 বহল৷

উত্তৰ: ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা  সকলোতকৈ‍  দীঘল আৰু ব্ৰহ্মপুত্ৰ  সকলোতকৈ‍  বহল৷

(খ) মাজুলী পৃথিৱীৰ ভিতৰত                 ডাঙৰ নদী-দ্বীপ৷

উত্তৰ:  মাজুলী পৃথিৱীৰ ভিতৰত  আটাইতকৈ‍  ডাঙৰ নদী-দ্বীপ৷

(গ) কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড়                 আপুৰুগীয়া৷

উত্তৰ: কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড়  সবাতোকৈ‍  আপুৰুগীয়া৷

(ঘ) আনৰ বস্তুৰ প্ৰতি লোভ কৰা                 বেয়া গুণ৷

উত্তৰ: আনৰ বস্তুৰ প্ৰতি লোভ কৰা  আটাইতকৈ‍  বেয়া গুণ৷

৫) জানো আহা—

তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত হয়। তেনে ক্ষেত্ৰত দোষ-গুণ, কম-বেছি বুজাবৰ বাবে সাধাৰণতে ‘-তকৈ’ যোগ দি তুলনা কৰা হয়৷

যেনে— ৰীতা ভনিতাতকৈ ধুনীয়া। তুলা লোতকৈ পাতল৷

তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা—

উদাহৰণ— অভিজিত ক্ষীণ; ৰাজেশ শকত

(ক) অভিজিত ৰাজেশতকৈ ক্ষীণ৷

(খ) ৰাজেশ অভিজিততকৈ শকত৷

কলহটোত বেছি পানী আছে; গিলাচটোত কম পানী আছে৷

ক) কলহটোত গিলাচটোতকৈ বেছি পানী আছে৷

খ) গিলাচটোত কলহটোতকৈ কম পানী আছে৷

আমলখিজোপা ওখ; বেঙেনাজোপা চাপৰ৷

(ক) আমলখিজোপা বেঙেনাজোপাতকৈ ওখ৷

(খ) বেঙেনাজোপা আমলখিজোপাতকৈ চাপৰ৷

জয়সাগৰ পুখুৰীটো ডাঙৰ; আমাৰ বাৰীৰ পুখুৰীটো সৰু৷

(ক) জয়সাগৰ পুখুৰীটো আমাৰ বাৰীৰ পুখুৰীটোতকৈ ডাঙৰ৷

(খ) আমাৰ বাৰীৰ পুখুৰীটো জয়সাগৰ পুখুৰীতটোকৈ সৰু৷

৬) শুদ্ধ আৰু খাপখোৱা শব্দটো বাছি উলিয়াই লিখা—

ঘাঁহনি, চিৰনমস্য, বাঁহনি‍, মাহনি

(ক) ঘাঁহ খেতিয়ে জুৰি থকা ঠাই   ঘাঁহনি 

(খ) চিৰকাল নমস্কাৰ কৰিবলগীয়া   চিৰনমস্য 

(গ) বাঁহ গছেৰে ভৰি থকা ঠাই  বাঁহনি‍ 

(ঘ) মাহ খেতিৰে ভৰি থকা ঠাই   মাহনি 

৭) অমাতৰ মাত, নিজৰা, চিৰকাল— এই শব্দ তিনিটাৰে তিনিটা বাক্য সাজা৷

অমাতৰ মাত: বসন্ত ঋতুত কুলি‍-কেতেকীৰ অমাতৰ মাত শুনি বৰ ভাল লাগে৷

নিজৰা: নিজৰাৰ পানীবোৰ কুলু কুলু ধ্বনিৰে বৈ গৈছে৷

চিৰকাল: অসমত বিভিন্ন জাতি‍-জনগোষ্ঠীৰ লোকে চিৰকাল মিলি‍-জুলি‍ বসবাস কৰি আহিছে৷


Sub: English

Lesson: The Bundle of Sticks 
(Revision lesson from class III)

Note: Some key LOs from the lesson ‘The Bundle of Sticks’ are addressed here.

1. Match the picture with the accurate description of the professions; one has been done for you:


2. a) Read the following poem aloud-

A Little Seed

A little seed for me to sow,
A little earth to make it grow.
A little hole,
A little pat,
A little wish,
And that is that.
A little sun,
A little shower,
A little while,
And then – a flower.

-By Mabel Watts

2. b) These are some rhyming words from the poem, read them aloud:

sow... grow
flower.... shower
pat... that

2. c) Write down three words each rhyming with the following words:

(i) sow bow row blow
(ii) flower shower power tower
(iii) that hat mat rat

2. d) Look at the picture and read the words given below:

seed

earth

sun

flower
2. e) Now, let us complete the following sentences by choosing the correct word given in the bracket:

1. A               grows into a flower. (seed/earth)

Ans:  seed   grows into a flower.

2. We live on             . (flower/earth)

Ans: We live on   earth   .

3. The               shines brightly in the sky (seed/sun)

Ans: The   sun   shines brightly in the sky

4. This is a pink               (flower/sun)

Ans: This is a pink  flower .

3. a) Let’s read the following chart containing degree of comparison of adjectives:

Here in this chart we see how the adjective changes from positive to comparative degree by adding +er and by adding +est it becomes the superlative.
Do you remember?

An adjective is a word that tells us more about a noun. It "describes" or "modifies" a noun. For example - a green car; a tall girl; a clever boy etc.

3. b) Fill in the chart with the comparative and superlative forms of the following adjectives:

Positive Comparative Superlative
cold colder coldest
clever cleverer cleverest
warm warmer warmest
small smaller smallest

4. a) Read the daily routine of a grocer- Rahul Bora:

• Rahul wakes up at 6 am and gets ready to go to his shop.
• Rahul goes to his shop by 8 am in the morning.
• He sells different household goods in his shop.
• Rahul eats his lunch in the shop by 1:30 pm.
• Rahul closes his shop at 7 pm.

4. b) Now, write what Rahul will do tomorrow, one has been done for you.

1. Rahul will wake up at 6 am and get ready to go to his shop.

2. Rahul will go to his shop by 8 am in the morning.

3. He will sell different household goods in his shop.

4. Rahul will eat his lunch in the shop by 1:30 pm.

5. Rahul will close his shop at 7 pm.

5. Read the passage given below:


Once upon a time there was an old farmer. He had four clever sons. They had different professions. The eldest son was a doctor; the second son was a lawyer, the third son was a lawyer and the youngest son was a cloth merchant. But the sons quarreled with each other all the time. This made the farmer sad.

5. a) Read the passage and fill in the blanks :

I. The old farmer had              clever sons.

Ans: The old farmer had   four   clever sons.

II. The farmer’s sons had different              .

Ans: The farmer’s sons had different   professions   .

III. The              son was a doctor.

Ans: The   eldest   son was a doctor.

IV. The third son was a              .

Ans: The third son was a   lawyer   .

6. Answer the following questions:

a) What was the profession of the old man?

The old man was a   farmer  .

b) How many sons did the old farmer have?

He had    four   sons.

c) Why was the old farmer sad?

The old farmer was sad because his sons  quarreled with each other  all the time.

፨ Students will try to learn the story ‘The Bundle of Sticks’ if they have the textbook Beginners’ English III.


বিষয়: গণিত
দীঘ, ওজন আৰু আয়তনৰ ধাৰণা
(তৃতীয় শ্ৰেণীৰ পুনৰালোচনা)

দীঘ:

তোমোলোকে ইতিমধ্যে দীঘ জুখিবলৈ শিকি আহিছা৷ আহাচোন আকৌ এবাৰ মনত পেলাওঁ৷

ওপৰৰ ছবিখনৰ পৰা কি বুজিছা বাৰু? পেঞ্চিলডালৰ দীঘ ৬ চেণ্টিমিটাৰ নহয়নে?

এইদৰে তুমি তোমাৰ লগত থকা কলম, পেঞ্চিল, ৰবৰ আদিৰ দীঘ জুখি লৈ তলৰ তালিকাখনত লিখা—

কলম
পেঞ্চিল
ৰবৰ

এতিয়া তোমাৰ গণিতৰ কিতাপখনৰ দীঘ আৰু বহল জুখি লৈ লিখা—
দীঘ= ........... চে‍ণ্টিমিটাৰ
বহল= ........... চে‍ণ্টিমিটাৰ

দীঘৰ হিচাপ কৰিবলৈ চেণ্টিমিটাৰ, মিটাৰ আৰু কিলোমিটাৰ একক হিচাপে ব্যৱহাৰ কৰা হয়৷

ভালদৰে জানি থোৱা—

১ মিটাৰ = ১০০ চেণ্টিমিটাৰ 

নাইবা, ১০০ চেণ্টিমিটাৰ = ১ মিটাৰ

১ কিলোমিটাৰ = ১০০০ মিটাৰ

১০০০ মিটাৰ = ১ কিলোমিটাৰ

এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰা—

৩ মিটাৰ ২০ চেণ্টিমিটাৰ = ৩২০ চেণ্টিমিটাৰ

৪ মিটাৰ ৫০ চেণ্টিমিটাৰ =   ৪৫০  চেণ্টিমিটাৰ

২০ মিটাৰ=   ২০০০   চেণ্টিমিটাৰ

৫ কিলোমিটাৰ =   ৫০০০  মিটাৰ

কাৰ্য:

কাগজ ব্যৱহাৰ কৰি এখন চিলা বনোৱা আৰু চাৰিটা ৰঙেৰে চিলাখন ৰং কৰা৷

কি কি ৰং ব্যৱহাৰ কৰিছা লিখিবা। চিলাখনৰ কাষবোৰ জুখিবা৷

(টোকা: অভিভাৱকে কিনা ৰঙৰ সলনি ঘৰতে পোৱা বিভিন্ন গছৰ পাত আৰু ফুলৰ ৰঙেৰে ৰং কৰিবলৈ দিব পাৰিব।)

ওজন:

অনুমান কৰা আৰু কোনটো গধুৰ, কোনটো পাতল লিখা৷




ওজন জুখিবলৈ তুলাচনী নাইবা দগা-পাল্লা ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ তুলাচনী তৃতীয় শ্ৰেণীৰ কিতাপৰ ৯ নং পাঠটোত আছে— তোমালোকে চাই লোৱাচোন৷

বস্তুৰ ওজন হিচাপ কৰিবলৈ সাধাৰণতে গ্ৰাম আৰু কিলোগ্ৰাম ব্যৱহাৰ কৰা হয়৷

জানি থোৱা,

        ১ কিলোগ্ৰাম =১০০০ গ্রাম

নাইবা, ১০০০ গ্ৰাম = ১ কিলোগ্ৰাম

(ক) কম পৰিমাণ আৰু পাতল বস্তুৰ ওজন ল’বলৈ গ্ৰামৰ দগা ব্যৱহাৰ কৰা হয়

(খ) বেছি পৰিমাণ আৰু গধুৰ বস্তুৰ ওজন ল’বলৈ কিলোগ্ৰামৰ দগা ব্যৱহাৰ কৰা হয়

দোকানীয়ে ৰিতুলক কিছুমান বস্তু জুখি দিছে। বস্তুবোৰৰ মুঠ ওজন কিমান হিচাপ কৰোঁ আহা—

আলু,   ১ কিলোগ্ৰাম + ১ কিলোগ্ৰাম

        = ২ কিলোগ্ৰাম

পিঁয়াজ , ১ কিলোগ্ৰাম + ৫০০গ্ৰাম

        = ১ কিলো ৫০০গ্ৰাম আলু

চাউল,  ২ কিলোগ্ৰাম + ২ কিলোগ্ৰাম পিঁয়াজ

        = ৪ কিলোগ্ৰাম

বুট,   ৫০০ গ্ৰাম + ২০০ গ্ৰাম

        = ৭০০ গ্ৰাম

বস্তুবোৰৰ মুঠ ওজন
আলু
পিঁয়াজ
চাউল
বুট
মুঠ

হিচাপ কৰা:-

১) ৩ কিলোগ্ৰাম বস্তুৰ ওজন জুখিবলৈ ১ কিলোগ্ৰামৰ দগা কেইটা লাগিব? ৩ টা

২) ২ কিলোগ্ৰাম বস্তুৰ ওজন জুখিবলৈ ৫০০ গ্ৰামৰ দগা কেইটা লাগিব? ৪ টা

৩) ২০ কিলোগ্ৰাম বস্তুৰ ওজন জুখিবলৈ ১০ কিলোগ্ৰামৰ দগা কেইটা লাগিব? ২ টা

৪) ২৫০ গ্ৰাম বস্তুৰ ওজন জুখিবলৈ ৫০ গ্ৰামৰ দগা কেইটা লাগিব? ৫ টা

তোমালোকৰ ঘৰত এসপ্তাহৰ বাবে বজাৰৰ পৰা অনা বস্তুৰ তালিকা এখন প্ৰস্তুত কৰা (মা-দেউতাক সুধি লোৱা)

বস্তুৰ নাম কিলোগ্ৰাম গ্ৰাম
.......... .......... ..........
.......... .......... ..........
.......... .......... ..........
.......... .......... ..........
.......... .......... ..........

আয়তনৰ হিচাপ:

ছবি চাই উত্তৰ লিখা—

১) 

কোনটো বটলত বেছি পানী ভৰাব পাৰিবা?
বটল ২-ত

২) 

কোনটো পাত্ৰত কম পানী ধৰিব?
পাত্ৰ-১-ত

৩) 

ক) কোনটো বটলত আটাইতকৈ বেছি পানী আছে? বটল ৩-ত

খ) কোনটো বটলত আটাইতকৈ কম পানী আছে? বটল ১-ত

গ) বটল ২ত থকা পানীৰ আয়তন বটল ১ৰ পানীৰ আয়তনৰ    ৩   গুণ

জুলীয়া নাইবা পনীয়া বস্তুৰ আয়তন মিলিলিটাৰ নাইবা লিটাৰত জোখা হয়৷

১ লিটাৰ = ১০০০ মিলিলিটাৰ

নাইবা, ১০০০ মিলিলিটাৰ = ১ লিটাৰ

তলৰ উদাহৰণটো চাই লোৱা—

২ লিটাৰ = ১০০০ মিলিলিটাৰ + ১০০০ মিলিলিটাৰ = ২ x ১০০০ মিলিলিটাৰ = ২০০০ মিলিলিটাৰ

৩ লিটাৰ = ১০০০ মিলিলিটাৰ + ১০০০ মিলিলিটাৰ + ১০০০ মিলিলিটাৰ = ৩০০০ মিলিলিটাৰ

= ৩ x ১০০০ মিলিলিটাৰ = ৩০০০ মিলিলিটাৰ

অৰ্থাৎ, লিটাৰক মিলিলিটাৰত প্ৰকাশ কৰিবলৈ ১০০০ ৰে পূৰণ কৰিব লাগে৷

আকৌ, ৩ লিটাৰ ২৫০ মিলিলিটাৰ = ৩০০০ মিলিলিটাৰ + ২৫০ মিলিলিটাৰ

= ৩২৫০ মিলিলিটাৰ

এতিয়া নিজে কৰা—

২ লিটাৰ ৭৫০ মিলিলিটাৰ =  ২৭৫০  মিলিলিটাৰ

৪ লিটাৰ ৩০০ মিলিলিটাৰ =  ৪৩০০  মিলিলিটাৰ

কাৰ্য:


ওপৰৰ ছবি দুটা চাই তলৰ প্ৰশ্নৰ উত্তৰ কৰা:-

১) ‘ক’ পাত্ৰটোত কিমান গাখীৰ ধৰে?

উত্তৰ: ২৫০ মিলিলিটাৰ৷

২) ‘খ’ পাত্ৰটোত কিমান গাখীৰ ধৰে?

উত্তৰ: ২ লিটাৰ৷

৩) কোনটো পাত্ৰত বেছি গাখীৰ ধৰে?

উত্তৰ: ‘খ’ পাত্ৰটোত বেছি গাখীৰ ধৰে৷

৪) ‘খ’ পাত্ৰটো গাখীৰেৰে ভৰাবলৈ হ'লে ‘ক’ পাত্ৰটোৰে কিমানবাৰ গাখীৰ ভৰাব লাগিব?

উত্তৰ: ৮ বাৰ৷

বস্তু পৰিমাণ কি পৰিমাণৰ পাত্ৰৰে জুখিম কেইবাৰ ল’ম
পানী ৪ লিটাৰ ১লিটাৰ ৪ বাৰ
গাখীৰ ২ লিটাৰ ৫০০ মিলিলিটাৰ ৪ বাৰ
মিঠাতেল ১ লিটাৰ ৫০০ মিলিলিটাৰ ২ বাৰ
কেৰাচিন ৫ লিটাৰ ১ লিটাৰ ৫ বাৰ
পেট্ৰ’ল ৭ লিটাৰ ১ লিটাৰ ৭ বাৰ

বিষয়: পৰিৱেশ অধ্যয়ন
পাঠ নং- ১৪: মিনুৰ চিঠি
(তৃতীয় শ্ৰেণীৰ পুনৰালোচনা)

চিঠি হ’ল এবিধ যোগাযোগৰ মাধ্যম৷ চিঠিৰ জৰিয়তে আমি নিজৰ মনৰ ভাবখিনি লিখিত আকাৰে পঠিয়াই এজনে আনজনৰ লগত যোগাযোগ কৰিব পাৰোঁ৷ ডাকঘৰৰ জৰিয়তে এঠাইৰ পৰা আনঠাইলৈ চিঠি পঠিওৱা হয়৷ চিঠি এখন পঠিওৱাৰ আগতে চিঠিৰ খামৰ ওপৰত সম্পূৰ্ণ নামেৰে সৈতে ঠিকনা লিখি ডাক-টিকট লগোৱাৰ প্ৰয়োজন৷ ডাকঘৰৰ যোগেদি চিঠি পঠিওৱাৰ লগতে টেলিফোন আৰু ম’বাইল ফোনৰ জৰিয়তেও আমি নিজৰ আত্মীয় বা চিনাকি মানুহৰ লগত যোগাযোগ কৰিব পাৰোঁ৷ ম’বাইল ফোনৰ যোগেদি কথা পতাৰ উপৰি বাৰ্তা আকাৰে বিভিন্ন খবৰ বাতৰি পঠিওৱা, টকা পঠিওৱা আদি কামবোৰো কৰিব পাৰোঁ৷ এই সকলোবোৰ আমাৰ যোগাযোগৰ মাধ্যম৷

১) কৰি চাওঁ আহা—

ক) বন্ধু-বান্ধৱীলৈ চিঠি দিয়াৰ বাবে ঘৰত জ্যেষ্ঠজনৰ সহায় লৈ এটা চিঠিৰ খাম বা এনভেলপ

(ছাত্ৰ-ছাত্ৰীৰ বাবে খাম প্ৰস্তুতকৰণ সম্পৰ্কীয় তলৰ ভিডিঅ’টো দিয়া হৈছে‍)

খাম প্ৰস্তুতকৰণ

খ) এনভেলপৰ ওপৰত বান্ধৱীৰ ঠিকনা আৰু তলত তোমাৰ ঠিকনা লিখিবা৷

২) পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা—

ক) কি কি মাধ্যমৰ যোগেদি আমি এঠাইৰ পৰা আন এঠাইলৈ, ইজনে সিজনৰ লগত যোগাযোগ কৰি নিজৰ মনৰ ভাৱ আদান-প্ৰদান কৰিব পাৰোঁ?

উত্তৰ: ম'বাইল ফোন, টেলিফোন, চিঠি, টেলিগ্ৰাম আদি‍ মাধ্যমৰ যোগেদি আমি এঠাইৰ পৰা আন এঠাইলৈ, ইজনে সিজনৰ লগত যোগাযোগ কৰি নিজৰ মনৰ ভাৱ আদান-প্ৰদান কৰিব পাৰোঁ

খ) তোমাৰ ঘৰৰ ওচৰৰ ডাকঘৰটোৰ নাম লিখা৷

(ছাত্ৰ-ছাত্ৰীয়ে ডাঙৰক সুধি লিখি‍ব)

গ) তোমাৰ ঘৰৰ ঠিকনাটো লিখা৷

(ছাত্ৰ-ছাত্ৰীয়ে ডাঙৰক সুধি লিখি‍ব)

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ