পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (পঞ্চম শ্ৰেণী, সমল নং: ২)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল
(সমল নং-২)
(পঞ্চম শ্ৰেণীৰ বাবে)


বিষয়: অসমীয়া (অংকুৰণ)
পাঠ নং— ১
অসম আমাৰ ৰূপহী

১) অসম আমাৰ ৰূপহী গীতটি শুদ্ধ উচ্চাৰণেৰে পঢ়া/ গাবলৈ চেষ্টা কৰা আৰু তলৰ প্ৰশ্নকেটাৰ উত্তৰ দিয়া৷

(ছাত্ৰী-ছাত্ৰীসকলে তলত দিয়া ভিডি‍অটোৰ পৰা গীতটো সম্পূৰ্ণ শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ শিকিব পাৰিব৷)

গীতটিৰ পঠিত ৰূপ

(ছাত্ৰী-ছাত্ৰীসকলে তলত দিয়া ভিডি‍অটোৰ পৰা গীতটো শুনি‍ গাবলৈ‍ শিকিব পাৰিব৷)

গীতটিৰ শ্ৰব্য ৰূপ

ক) অসম আমাৰ ৰূপহী গীতটিত ড° ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ বুলি কোনখন দেশৰ কথা কৈছে?

উত্তৰ: অসম আমাৰ ৰূপহী গীতটিত ড° ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ বুলি অসম দেশৰ কথা কৈছে৷

খ) ‘‘লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ’’— লৌহিত্য মানে কবিয়ে কি বুজাইছে?

উত্তৰ: ‘‘লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ’’— লৌহিত্য মানে কবিয়ে লুইত বা ব্ৰহ্মপুত্ৰক বুজাইছে৷

গ) ‘‘ব’হাগতে আমাৰে আই 

        মহুৰা হৈ ঘূৰে’’

ইয়াত ‘আই’ বুলি কবিয়ে কাক কৈছে?

উত্তৰ: ইয়াত ‘আই’ বুলি কবিয়ে অসমৰ কথা কৈছে৷

ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?

উত্তৰ: অসম দেশৰ মানুহৰ ভাষাৰ মৰমবোৰে পাহাৰ-ভৈয়ামৰ মিলন সেতু গঢ়ে।

ঙ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?

উত্তৰ: শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়৷ 

২৷ তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা—

শব্দ অৰ্থ
বিনন্দীয়া ধুনীয়া
সেতু দলং
লৌহিত্য লুইত বা ব্ৰহ্মপুত্ৰ
প্ৰণিপাত প্ৰণাম
সমাবেশ সমাগম,, সন্মিলন
লখিমী লক্ষ্মী

৩৷ সমাৰ্থক শব্দ লিখা—

সূৰ্য— বেলি, ৰবি, ভাস্কৰ

পদুম: পদ্ম, কমল, উৎপল, পংকজ, কুমুদ, শতদল

ঘৰ: গৃহ, আলয়, আৱাস, নিলয়, আগাৰ, নিকেতন

আকাশ: গগন, অম্বৰ, অভ্ৰ, নভঃ,  নীলিমা

বায়ু: পৱন, মৰুৎ, বতাহ, সমীৰ, সমীৰণ, বাত, অনিল

পৃথিৱী: ধৰা, ধৰণী, ধৰিত্ৰী, বসুমতী, বসুন্ধৰা, ভূ

৪৷ উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা—

ক) উদাহৰণ: ৰূপহ— ৰূপহী, কাঁহ— কাঁহী 

কপাহ—  কপাহী

চেনেহ— চেনেহী

বাঁহ— বাঁহী

(খ) উদাহৰণ ⟹ ৰস— ৰসাল,  নোম— নোমাল

জীপ— জীপাল

তেজ—  তেজাল

কোব— কোবাল

(গ) উদাহৰণ ⟹   সোণ— সোণালী, ৰং— ৰঙালী

ৰূপ— সোণালী

জোন— জোনালী

ভোগ— ভোগালী

(ঘ) উদাহৰণ ⟹ বিনন্দ— বিনন্দীয়া, চহৰ— চহৰীয়া

দুখ— দুখীয়া

নিয়ম— নিয়মীয়া

নগৰ— নগৰীয়া

৫) তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা৷

ৰূপহী, জয়াল, লখিমী, ৰামধেনু

ৰূপহী: ৰূপহী তিৰোতাসকলে গছতলত বিহু নাচিছে৷

জয়াল: জয়াল হাবিখনৰ মাজেৰে পাৰ হওঁতে‍ তেওঁৰ বুকু কঁপি‍ উঠিছিল৷

লখিমী: অসমৰ কৃষকসকলে খেতি চপোৱাৰ সময়ত লখিমী আদৰে৷

ৰামধেনু: সাতোৰঙী ৰামধেনু দেখিবলৈ বৰ ধুনীয়া৷

৬) ব’হাগ আৰু মাঘ বিহুত তোমালোকে কি কি কৰা সেই সম্পৰ্কে চাৰিটাকৈ বাক্য লিখা৷

উত্তৰ:

ব’হাগ বিহু মাঘ বিহু
ব’হাগ বিহুত গৰুৰ গা ধুৱাওঁ মাঘ বিহুত মেজি জ্বলাওঁ
ব’হাগ বিহুত হুঁচৰি গাওঁ মাঘ বিহুত বিভিন্ন খেল-ধেমালি কৰ‍োঁ
ব’হাগ বিহুত ডাঙৰক সেৱা জনাওঁ মাঘ বিহুত ভোজ-ভাত খাওঁ
ব’হাগ বিহুত নতুন কাপোৰ লওঁ মাঘ বিহুত ভেলাঘৰ সাজোঁ

৭) পাঠত থকাৰ বাহিৰেও তোমালোকৰ অঞ্চলত প্ৰচলিত যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচ শাৰী বাক্য লিখা৷ (অভিভাৱকৰ সহায় ল’বা)

উত্তৰ: 


Sub: English

Lesson 1: All things Bright and Beautiful

1. Look at the picture and read-

A garden is a place where you can find many bright and beautiful things. Complete the word-web with things you may find in a garden: One has been done for you.

B E E S
G R A S S
F L O W E R
G A R D E N E R
SO I L
FR U I T S
B U T T E R F L Y
P L A N TS

2. a) Read the poem aloud:

The Forest

The forest is the town of trees
Where they live quite at their ease,
With their neighbours at their side
Just as we in cities wide.

— by Annette Wynne

2. b) There are some rhyming words in the poem:

trees-ease side-wide

Write two words that rhyme with the following words:

1. ease trees bridge
2. where near fear
3. side tide ride
4. just lust must

3. Read the words and their meanings given in the picture:

So, we have learnt the meanings of the words: creature, wise, tiny, bright, wonderful, and glowing. Now, let us do an activity:

Fill in the blanks with the correct word from the bracket; do refer to the poem from your textbook:

a) All things  bright  and beautiful. (bright/wise)

b) He made their  tiny  wings. (tiny/ glowing)

c) He made their  glowing colours. (creature/glowing)

d) All things wise and  wonderful . (wonderful/bright)

4. We send greeting cards to friends and relatives on different occasions. Do you wish to send a greeting card to your friend? Let us look at a greeting card that can be sent to someone to wish happy new year :

Complete the greeting card given below to wish your friend a happy birthday. You may choose from words given below. You may also use a word more than once.

very, happy, happiness, joy, successful, bring, birthday

To Maina

Wishing you a very happy birthday. May this day bring you smile and happiness. Wish you a prosperous year ahead.

From Deva

5. Read the following passage:

One day, when Rakesh was six, he walked home from the Mussoorie bazaar eating cherries. They were a little sweet, a little sour; small bright red cherries, which had come all the way from the Kashmir Valley. Rakesh lived with his grandfather along the borders of Mussoorie, just where the forest began. His father and mother lived in a small village fifty miles away, where they grew maize, rice and barley in the fields. But there were no schools in that village, and Rakesh’s parents wanted to send him to school. And hence, they sent Rakesh to stay with his grandfather in Mussoorie.

(Adapted from Ruskin Bond’s story “A Special Tree”, from Great Stories for Children)

5. a) Say whether true or false:

1) Rakesh was a six year old boy. (T/F)

Answer: T

2) Rakesh lived with his father. (T/F)

Answer: F

3) Rakesh’s parents grew cherries in the fields. (T/F)

Answer: F

4) Rakesh was eating cherries on his way back home. (T/F)

Answer: T

5. b) Answer the following questions:

1) With whom did Rakesh live?

Rakesh lived with his    grandfather   .

2) Where did Rakesh’s grandfather live?

Rakesh’s s grandfather lived in    Musoorie   .

3) Where did Rakesh’s parents live?

Rakesh’s parents lived in    a small village   .

4) What did Rakesh’s father and mother grow in the fields?

Rakesh’s father and mother grew  maize, rice and barley  in the fields.

5) Why did Rakesh’s parents send him to Musoorie?

Rakesh’s parents sent him to Musoorie because  there were no schoold in the small village where Rakesh's parents lived. But they wanted to send Rakesh to school. So Rakesh’s parents send him to Musoorie  .

Students will try to read/ recite the poem ‘All Things Bright and Beautiful’.


বিষয়: গণিত
মৌখিক গণিত

(১) শুদ্ধ উত্তৰটোত (✔) চিন দিয়া—

(a) এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি?

উত্তৰ: (i) 0 (ii) 1 (iii) 10 (iv) অসংখ্য

(b) এটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি?

উত্তৰ: (i) 0 (ii) 1 (iii) 9 (iv) 10

(c) দুটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি?

উত্তৰ: (i) 2 (ii) 10 (iii) 90 (iv) 99

(d) দুটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি?

উত্তৰ: (i) 10 (ii) 11 (ii) 90 (iv) 99

(e) তিনিটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি?

উত্তৰ: (i) 100 (ii) 123 (iii) 990 (iv) 999

(f) তিনিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি?

উত্তৰ: (i) 100 (ii) 123 (iii) 990 (iv) 999

(g) 3, 4 ৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি?

উত্তৰ: (i) 33 (ii) 34 (iii) 43 (iv) 44

(h) 3, 9, 6 ৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি?

উত্তৰ: (i) 936 (ii) 963 (iii) 693 (iv) 369

(২) উত্তৰ লিখা:

(i) দুটা অংকৰে গঠিত সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 1 আৰু দহকৰ ঘৰৰ অংকটো 2 হ’লে সংখ্যাটো কি? 21

(ii) এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 2 ৷ দহকৰ ঘৰৰ অংকটো 5 আৰু শতকৰ ঘৰৰ অংকটো 1 হ’লে সংখ্যাটো কি? 152

(iii) এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 4৷ দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকটোতকৈ 1 বেছি৷ সংখ্যাটো কি? 54

(iv) এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 4৷ দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকটোতকৈ 1 বেছি৷ শতকৰ ঘৰৰ অংকটো দহকৰ ঘৰৰ অংকটোতকৈ 2 কম৷ সংখ্যাটো কি? 354

(v) এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0৷ দহকৰ ঘৰৰ অংকটো 3৷ শতকৰ ঘৰৰ অংকটো দহকৰ ঘৰৰ অংকটোতকৈ 2 বেছি৷ সংখ্যাটো কি? 530

(vi) 100-ৰ পৰা 1 বিয়োগ কৰি কিমান পাবা? 99

(vii) 100-ৰ ঠিক আগৰ সংখ্যাটো কি? 99

(viii) 999-ৰ লগত 1 যোগ কৰিলে কিমান পাবা? 1000

(ix) 999-ৰ ঠিক পিছৰ সংখ্যাটো কি? 1000

(x) 785 সংখ্যাটোৰ 8-ৰ স্থান কি? দহক

(xi) 785 সংখ্যাটোৰ ৪-ৰ স্থানীয় মান কিমান? 80

(xii) 823 সংখ্যাটোৰ ৪-ৰ স্থান কি? শতক

(xiii) 823 সংখ্যাটোৰ 8-ৰ স্থানীয় মান কিমান? 800

(xiv) 785 সংখ্যাটোৰ একক স্থান আৰু দহক স্থানৰ অংক দুটাৰ যোগফল কিমান? দহক আৰু শতক স্থানৰ পাৰ্থক্য বা বিয়োগফল কি? 13 1

(৩) খালী ঠাই পূৰ কৰা:

a. 7.3 কিলোমিটাৰ = 7 কিলোমিটাৰ 300 মিটাৰ

b. 2.3 চেণ্টিমিটাৰ = 23 মিলিমিটাৰ

c. 1/2 কিলোমিটাৰ = 500 মিটাৰ

d. 2 কিলোমিটাৰ = 2000 মিটাৰ

e. 120 মিনিট = 2 ঘণ্টা

f. 1 ঘণ্টা 5 মিনিট = 65 মিনিট

g. 2 দিন = 48 ঘণ্টা

h. 3 সপ্তাহ = 21 দিন

i. 49 দিন = 7 সপ্তাহ

j. 4 মিনিট = 240 ছেকেণ্ড

k. 1000 কি.গ্ৰা = 300 গ্ৰাম + 200 গ্ৰাম + 500 গ্ৰাম

(k-ৰ উত্তৰবোৰ বেলেগ বেলেগ হ’ব পাৰে)

(৪) সমস্যা সমাধান কৰা:

1. 1 টা কণীৰ দাম 5 টকা হ’লে ২ ডজন কণীৰ দাম কিমান?

উত্তৰ:
120

2. ৰীমাৰ জন্মদিনত দেউতাকে এখন দোকানৰ পৰা 2 লিটাৰ, গোৱালৰ পৰা 4 লিটাৰ আৰু হোটেলৰ পৰা 3 লিটাৰ 500 মিলিলিটাৰ গাখীৰ আনিলে৷ সেইদিনা তেওঁ মুঠতে কিমান লিটাৰ গাখীৰ আনিলে?

উত্তৰ:
9 লিটাৰ 500 মিলিলিটাৰ

3. বাবুলৰ দোকানত 50 কি.গ্ৰা. আলু আছিল৷ তাৰে 20 কি.গ্ৰা. বিক্ৰী কৰিলে আৰু নিজে ঘৰৰ কাৰণে 15 কি.গ্ৰা. নিলে৷ তেখেতৰ দোকানত কিমান কি.গ্ৰা. আলু বাকী থাকিল?

উত্তৰ:
15 কি.গ্ৰা.

4. এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 25 জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেকেই প্ৰতিদিনে গাইপতি 2 লিটাৰকৈ পানী খালে 6 দিনত কিমান পানীৰ প্ৰয়োজন হ’ব?

উত্তৰ:
300 লিটাৰ

5. 5 কি.গ্ৰা. পিঁয়াজৰ দাম 200 টকা হ’লে 1 কি.গ্ৰা. পিঁয়াজৰ দাম কিমান?

উত্তৰ:
40 টকা

6. ৰীণাই ৰাতি 10 বজাত শুলে৷ ৰাতিপুৱা 5 বজাত টোপনিৰ পৰা উঠিলে৷ তাই মুঠতে কিমান সময় শুলে?

উত্তৰ:
7 ঘণ্টা

7. ৰমেনে বজাৰৰ পৰা 750 গ্ৰাম আলু কিনিলে৷ আৰু কিমান গ্ৰাম আলু কিনিলে 1 কিল’গ্ৰাম হ’ব?

উত্তৰ:
250 গ্ৰাম

8. যদি এডাল ফিটাৰ জোখ 1/2 মিটাৰ হয়, তেন্তে তেনেকুৱা 5 ডাল ফিটাৰ জোখ কিমান?

উত্তৰ:
2.5 মিটাৰ

9. মীৰাৰ 18 টা ছাগলী আছে৷ তাৰে 1/3 অংশ ক’লা ৰঙৰ৷ বাকীকেইটা ছাগলীৰ ৰং বগা৷ মীৰাৰ মুঠতে কিমানটা বগা ৰঙৰ ছাগলী আছে?

উত্তৰ:
12 টা

10. 2 মিটাৰ বৰ্গাকৃতিৰ কাপোৰ এটুকুৰাৰ পৰিসীমা কিমান?

উত্তৰ:
8 মিটাৰ

11. অম্লানজ্যোতি কাশ্যপৰ যোৱা 29 ফেব্ৰুৱাৰী 2020 তাৰিখে জন্মদিন আছিল৷ তেওঁৰ পৰৱৰ্তী জন্মদিন কোন তাৰিখে হ’ব?

উত্তৰ:
29 ফেব্ৰুৱাৰী 2024

12. এখন ৰে’ল ৰাতি 8:30 বজাত এৰিব৷ এই সময়টো ৰে’ল বিভাগৰ টিকটত কিদৰে লিখা থাকিব?

উত্তৰ:
20:30 PM

13. গৰিমাৰ বেগটোৰ ওজন 15 কিলোগ্ৰাম 750 গ্ৰাম আৰু নয়নৰ বেগটোৰ ওজন 13 কিলোগ্ৰাম 930 গ্ৰাম৷ কাৰ বেগটো বেছি গধুৰ আৰু কিমান বেছি গধুৰ?

উত্তৰ:
গ‍ৰি‍মাৰ বেগটো বেছি গধুৰ৷ 1820 গ্ৰাম বেছি গধুৰ

14. মাম্পিয়ে 5 কিলোগ্ৰাম 300 গ্ৰাম চাউল কিনিলে৷ ৰাজাই আকৌ মাম্পিতকৈ 2 কিলোগ্ৰাম 750 গ্ৰাম চাউল বেছিকৈ কিনিলে৷ তেওঁলোক দুয়োজনে কিনা মুঠ চাউলৰ পৰিমাণ কিমান?

উত্তৰ:
13 কিলোগ্ৰাম 350 গ্ৰাম

15. মুনমুনে দোকানলৈ এখন 200 টকীয়া নোট লৈ গৈছিল৷ সেই পইচাৰে তেওঁ দোকানৰ পৰা 65 টকাৰ আটা, 10 টকাৰ চাবোন আৰু 55 টকাৰ ভুজীয়া কিনিলে৷ দোকানীজনে মুনমুনক কিমান টকা ঘূৰাই দিলে?

উত্তৰ:
70 টকা


(৫) যোগ/ বিয়োগ কৰা:

1. 5 মিটাৰ 20 চে.মি. + 4 মিটাৰ 30 চে.মি. =?

উত্তৰ:
9 মিটাৰ 50 চে.মি.

2. 4 মিটাৰ 50 চে.মি. + 3 মিটাৰ 500 চে.মি. =?

উত্তৰ:
7 মিটাৰ 550 চে.মি.

3. 10 মিটাৰ 80 চে.মি. পৰা 6 মিটাৰ 50 চে.মি. বিয়োগ কৰা৷

উত্তৰ:
4 মিটাৰ 30 চে.মি.


সময়

খালী ঠাই পূৰ কৰা

৬০ মিনিট = ১ঘণ্টা 

১ বছৰ = ১২ মাহ

ঘণ্টা = ৬০ মিনিট

১২ মাহ = ১ বছৰ

৩৬৫ দিন = ১ বছৰ 

দিন = ১ সপ্তাহ

বছৰ = ১২ মাহ

৩৬৫ দিন = ১ বছৰ

১ বছৰ = ৫২ সপ্তাহ

১ দিন = ২৪ ঘণ্টা


ঘড়ীটো চাই সময় লিখা৷ 5 বাজিছে‍

দুঘণ্টাৰ পাছত সময় কিমান হ’ব? 7 বাজিব

এঘণ্টা আগত সময় কিমান আছিল? 4 বাজিছিল

30 মিনিট আগত সময় কিমান আছিল? 4 বাজি 30 মিনিট


কোন মাহত কিমান দিন থাকে লিখা—

জুন= 30 দিন মাৰ্চ= 31 দিন নৱে‍ম্বৰ= 30 দিন

জানুৱাৰী = 31 দিন এপ্রিল= 30 দিন অক্টোবৰ= 31 দিন


February, 2021

Monday Tuesday Wednesday Thursday Friday Saturday Sunday
1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
o

এই মাহটোৰ কেইটামান বৈশিষ্ট্য লিখা—

১৷ এই মাহটোত মুঠ ২৮ দিন আছে৷

২৷ এই মাহটোত প্ৰতিটো বাৰেই  ৪ টাকৈ আছে৷

৩৷এই মাহটো অধিবৰ্ষৰ অন্তৰ্গত নহয়৷


বিষয়: পৰিৱেশ অধ্যয়ন
পাঠ নং- ১৩: শস্যৰ উৎপাদন আৰু সংৰক্ষণ
(চতুৰ্থ শ্ৰেণীৰ পুনৰালোচনা)

পঢ়োঁ আহা—

অসম এখন কৃষিভিত্তিক ৰাজ্য৷ ধান, মাহ, সৰিয়হ আদিকে ধৰি অসমত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয়৷ অসমত বাৰিষা আৰু খৰালি দুয়োটা সময়তে খেতি কৰা হয়৷ খেতি কৰি অধিক শস্যৰ উৎপাদনৰ বাবে খেতিত যথেষ্ট পৰিমাণৰ পানী, পলসুৱা মাটি, সূৰ্যৰ পোহৰ, তাপ আদিৰ আৱশ্যক৷ পলসুৱা মাটিত গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় জৈৱিক সাৰ থাকে৷ উন্নত মানৰ বীজ, জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি উন্নত ব্যৱস্থাৰ জৰিয়তে খেতি কৰি অধিক শস্য উৎপাদন কৰিব পাৰি৷ শস্যৰ উৎপাদনৰ লগতে উৎপাদিত শস্যবোৰ ভালদৰে সংৰক্ষণ কৰি ৰখাটোও অতি আৱশ্যক৷ বিভিন্ন ধৰণৰ খাদ্য শস্য সংৰক্ষণৰ বাবে বিভিন্ন সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ যেনে— ধান ৰখাৰ বাবে ভঁৰাল, সৰিয়হৰ বাবে ডুলি, বীজ সংৰক্ষণৰ বাবে টোম, শাক-পাচলি, ফল-মূল আদি বহু দিনলৈ সতেজ ৰখাৰ বাবে ৰেফ্ৰিজাৰেটৰ, শীতল ভঁৰাল আৰু বিভিন্ন কৃষিজাত শস্য ৰাখিবৰ বাবে পণ্যাগাৰ আদি৷

কাৰ্য—১

কৰি চোৱা (জ্যে‍ষ্ঠ ব্যক্তিৰ সহায় ল’বা)—

* তিনিটা পাত্ৰ/ পেলনীয়া খালী টিন লোৱা৷

* তিনি প্ৰকাৰৰ মাটি সংগ্ৰহ কৰি পাত্ৰ তিনিটাত ভৰাই ল’বা (পলসুৱা, বালিচহীয়া আৰু বোকা)৷ কোনটো পাত্ৰত কি মাটি ভৰাইছা মনত ৰাখিবা৷

* তিনিওটা পাত্ৰৰ প্ৰতিটোতে এটাকৈ পানীত তিয়াই থোৱা বুটমাহ পুতি দিয়া আৰু ৰ’দ পৰা ঠাইত থৈ দিয়া৷

* প্ৰতিদিনে পাত্ৰকেইটাত পানী দি লক্ষ্য কৰা৷

এতিয়া, কাৰ্যটো কৰি কি পালা তলৰ তালিকাত লিখা—

সংগ্ৰহ কৰা মাটিৰ প্ৰকাৰ গছপুলিৰ বৃদ্ধি (চেণ্টিমিটাৰত)
৫ দিনৰ পাছত ১২ দিনৰ পাছত
পলসুৱা মাটি
বালিচহীয়া মাটি
বোকা মাটি

১২ দিনৰ পাছত পৰ্যবে‍ক্ষণ কৰি কি পালা লিখা—

ক) কোন প্ৰকাৰৰ মাটিত বুটমাহটোৰ পুলি আটাইতকৈ বেছি বৃদ্ধি পাইছে?

উত্তৰ: পলসুৱা মাটিত বুটমাহটোৰ পুলি আটাইতকৈ বেছি বৃদ্ধি পাইছে৷

খ) কোন প্ৰকাৰৰ মাটিত পুতি দিয়া মাহটোৰ পুলি বঢ়া নাই?

উত্তৰ: বোকামাটিত পুতি দিয়া মাহটোৰ পুলি বঢ়া নাই৷

গ) কিয় সেই মাটিত গছপুলিটোৰ বৃদ্ধি হৈছে কাৰণ লিখা৷

উত্তৰ: পলসুৱা মাটিত গছপুলিটোৰ বৃদ্ধি‍ ৈহছে৷ কাৰণ ইয়াত গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় লাগতিয়াল জৈ‍ৱিক সাৰ থাকে৷

(কাৰ্যটো কৰোঁতে পৰ্যবে‍ক্ষণা কৰি পালা যে গছপুলিৰ বাবে পলসুৱা মাটিৰ প্ৰয়োজন৷)

কাৰ্য—২

পাঠটো পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা৷

ক) মাটিত সাধাৰণতে বোকা আৰু বালিৰ দানা থাকে৷

খ) বোকা মাটিয়ে প্রয়োজনীয় পানী ধৰি ৰাখিব পাৰে৷

গ) ধান অসমৰ প্ৰধান কৃষিজাত শস্য৷

ঘ) গোবৰ, প্ৰাণীৰ মল-মূত্ৰ, হাড়ৰ গুড়ি, কেঁচুসাৰ আদি হৈছে জৈৱিক সাৰ৷

ঙ) ৰেফ্ৰিজাৰেটৰ ত ফল-মূল, শাক-পাচলি আদি কিছু দিনলৈ সতেজ কৰি ৰাখিব পাৰি৷

চ) পণ্যাগাৰত শস্যবোৰ ভালে ৰাখিবৰ বাবে নিৰ্দিষ্ট উষ্ণতাত ৰখা হয়৷

ছ) শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল


পাঠ নং- ১৫: গ্ৰহ আৰু নক্ষত্ৰৰ কথা
(চতুৰ্থ শ্ৰেণীৰ পুনৰালোচনা)

ফৰকাল বতৰত ৰাতিপুৱা আকাশত আমি সূৰ্যটো দেখা পাওঁ৷ এই সূৰ্যটোৰ পৰাই আমি তাপ আৰু পোহৰ পাওঁ৷ সূৰ্যৰ নিজা তাপ আৰু পোহৰ থকা বাবে ইয়াক নক্ষত্ৰ বোলা হয়৷ সূৰ্যটোৰ দৰে আকাশত আৰু অসংখ্য নক্ষত্ৰ আছে৷ নক্ষত্ৰবোৰক তৰা বুলিও কোৱা হয়৷ ৰাতিৰ আকাশত আমি তৰাবোৰ তিৰবিৰাই থকা দেখা পাওঁ৷ ভালদৰে মন কৰিলে দেখা যায় যে এনে ধৰণৰ আন কিছুমানে তিৰবিৰাই নাথাকি স্থিৰ হৈ জিলিকি থাকে৷ এইদৰে আকাশত স্থিৰ হৈ জিলিকি থকাবোৰেই হৈছে গ্ৰহ৷ গ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ নাই৷ ইহঁতে সূৰ্যৰ পৰা পোহৰ আৰু তাপ পায়৷ আমি বাস কৰা পৃথিৱীখনো এটা গ্ৰহ৷ পৃথিৱীকে ধৰি আকাশত মুঠ আঠটা গ্ৰহ আছে৷ সূৰ্য আৰু এই আঠোটা গ্ৰহক লৈ সৌৰজগত গঠিত হৈছে৷ সৌৰজগতৰ গ্ৰহবোৰ হ’ল ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন৷ এই আঠোটা গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে৷ আনহাতে ৰাতিৰ আকাশত দেখা জোন বা চন্দ্ৰটো হ’ল পৃথিৱীৰ উপগ্ৰহ৷ ই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে৷ বিজ্ঞানীসকলে বিশেষভাৱে কিছুমান যন্ত্ৰ সাজি আকাশলৈ পঠিয়াই দিয়ে৷ এইবোৰ হৈছে কৃত্ৰিম উপগ্ৰহ৷ চন্দ্ৰটোৰ দৰে ইহঁতেও পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে৷


কাৰ্য—১

কৰি চোৱা—

* দিনৰ আকাশলৈ চোৱা৷ কি কি দেখিলা?

* ৰাতিৰ আকাশলৈ চোৱা৷ কি কি দেখিলা?

তলৰ তালিকাত লিখা—

দিনৰ আকাশত কি কি দেখিলোঁ ৰাতিৰ আকাশত কি কি দেখিলোঁ
সূৰ্য জোন
ডাৱৰ তৰা

পপীয়া তৰা

দিনৰ আকাশত কোনে আমাক তাপ আৰু পোহৰ দিয়ে?

উত্তৰ: দিনৰ আকাশত সূৰ্যই আমাক তাপ আৰু পোহৰ দিয়ে?

ৰাতিৰ আকাশত কোনে পোহৰ দিয়ে?

উত্তৰ: ৰাতিৰ আকাশত জোনটোৱে পোহৰ দিয়ে৷


ক্ৰিয়া—২

পাঠটো পঢ়া আৰু পাঠৰ সহায়ত তলৰ প্ৰশ্নৰ উত্তৰবোৰ বাছি উলিওৱা—

ক) সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা হ’ল—

১৷ ৭

২৷ ৮

৩৷ ৯

৪৷ ১০

উত্তৰ: ৮৷

খ) সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ’ল—

১৷ পৃথিৱী

২৷ মঙ্গল

৩৷ বুধ

৪৷ বৃহস্পতি

উত্তৰ: বুধ৷

গ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ’ল—

১৷ বুধ

২৷ বৃহস্পতি

৩৷ শুক্ৰ

৪৷ শনি

উত্তৰ: বৃহস্পতি৷

ঘ) আমি বাস কৰা গ্ৰহটোৰ নাম হ’ল—

১৷ পৃথিৱী

২৷ শুক্ৰ

৩৷ বুধ

৪৷ বৃহস্পতি

উত্তৰ: পৃথিৱী৷

ঙ) পৃথিৱীৰ পৰা ওচৰত থকা গ্ৰহটো হ’ল—

১৷ বুধ

২৷ শুক্ৰ

৩৷ পৃথিৱী

৪৷ মঙ্গল

উত্তৰ: শুক্ৰ৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ