পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (অষ্টম শ্ৰেণী, সমল নং: ২)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনায়া স্ব-শিকন সমল
(সমল নং ২)
(অষ্টম শ্ৰেণীৰ বাবে)


বিষয়: অসমীয়া
পাঠ নং ১-নিয়ৰ

১/ ‘নিয়ৰ’ কবিতাটি পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা-

ক) মুকুতা মণিটি কিহেৰে ধোৱা বুলি কৈছে?

উত্তৰ: মুকুতা মণিটি ফটিক পানীৰে ধোৱা বুলি কৈছে৷

খ) কিহক কবিয়ে এটুপি চকুৰ পানী বুলি কৈছে?

উত্তৰ: নিয়ৰক কবিয়ে এটুপি চকুৰ পানী বুলি কৈছে৷

গ) ‘নিয়ৰ’ কবিতাটিৰ কবিগৰাকীৰ নাম কি?

উত্তৰ: ‘নিয়ৰ’ কবিতাটিৰ কবিগৰাকীৰ নাম চন্দ্ৰকুমাৰ আগৰৱালা৷

ঘ) ‘নিয়ৰ’ কবিতাটিৰ কবিগৰাকীৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?

উত্তৰ: ‘নিয়ৰ’ কবিতাটিৰ কবিগৰাকীৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম ‘প্ৰতিমা’৷

ঙ) ‘নিয়ৰ’ কবিতাটিৰ কবিগৰাকীক আৰু কি নামেৰে জনা যায়?

উত্তৰ: ‘নিয়ৰ’ কবিতাটিৰ কবিগৰাকীক ‘প্ৰতিমাৰ খনিকৰ’ নামেৰে জনা যায়৷

চ) ‘জোনাকীৰ ত্ৰি‍মূৰ্তি’ৰ ব্যক্তিকেইগৰাকীৰ নাম লিখা।

উত্তৰ: ‘জোনাকীৰ ত্ৰি‍মূৰ্তি’ৰ ব্যক্তিকেইগৰাকীৰ নাম হ’ল— লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী৷

ছ) ‘জোনাকী কাকত’ৰ প্ৰথম সম্পাদকজনৰ নাম কি আছিল?

উত্তৰ: ‘জোনাকী কাকত’ৰ প্ৰথম সম্পাদকজনৰ নাম আছিল চন্দ্ৰকুমাৰ আগৰৱালা৷

২/ বাঁওফালৰ শব্দৰ সৈতে সোঁফালৰ অৰ্থ মিলোৱা—

উত্তৰ:

শব্দ অৰ্থ
মুকুতা এবিধ শামুকৰ পেটত হোৱা মণি
ফটিক স্বচ্ছ, নিৰ্মল
নিচুক কান্দিবলৈ এৰা
নিজম হাই-উৰুমি নোহোৱা
হেঙুলি এবিধ ৰঙা বস্তু, হেঙুল বৰণৰ
বিষম বেদনাদায়ক
সৰগ স্বৰ্গ
ছিগি টুকুৰা টুকুৰ হোৱা
নিয়ৰ ৰাতি, ৰাতিপুৱা আৰু গধূলি আকাশৰ বাষ্প গোট খাই পৰা পানী
কলি মুকুল, কৰ

৩/ তলত দিয়া সাঁথৰকেইটা ভাঙা আৰু নিজে তিনিটা সাঁথৰ সংগ্ৰহ কৰি লিখা—

ক) সৰুকালত দুই শিং ডেকা হ’লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে।

উত্তৰ: জোন৷

খ) ৰজাঘৰীয়া কলি গাই, ঘাটে ঘাটে পানী খায়।

উত্তৰ: বৰশী৷

গ) একঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।

উত্তৰ: বিচনী৷

ঘ) কলিঙ্গৰ লিঙ্গ কাটি লৱঙ্গৰ ল লোৱা, ৰান্ধিব নালাগে, কাটিব নালাগে মজা মাৰি খোৱা।

উত্তৰ: কল৷

ঙ) পাত আছে ডাল নাই, কথা আছে মাত নাই৷ (উত্তৰ: কিতাপ) 

চ) গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কোৱাচোন বাৰু কি গছৰ সঁচ৷ (উত্তৰ: মাটিকঁঠাল) 

ছ) বহি থাকে নাকত, ধৰি থাকে কাণত৷ (উত্তৰ: চশ্‌মা) 

৪/ জানো আহা—

তৎসম: যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে, সেইবোৰক তৎসম শব্দ বোলা হয়। তৎসম শব্দৰ ৰূপ (বানান) এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবোৰৰ উচ্চাৰণ কিছু সলনি হৈছে।

উদাহৰণ— সংস্কৃত ৰূপ অসমীয়া তৎসম ৰূপ
আকাশ আকাশ
অশ্ব অশ্ব

অৰ্ধতৎসম: যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি সৰল কৰা হয় আৰু লিখোঁতেও অসমীয়া উচ্চাৰণতে লিখা হয়, সেইবোৰেই অৰ্ধতৎসম শব্দ।

উদাহৰণ— সংস্কৃত ৰূপ অর্ধতৎসম ৰূপ
ভক্তি ভকতি‍
স্নেহ চেনেহ

তদ্ভৱ: যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্ৰাকৃত আদি শব্দৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে, সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয়।

উদাহৰণ— সংস্কৃত ৰূপ অসমীয়া তদ্ভৱ ৰূপ
কৰ্ম কাম
হস্ত হাত

তলত দিয়া অৰ্ধতৎসম আৰু তদ্ভৱ শব্দবোৰৰ সংস্কৃত ৰূপ লিখা—

অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ সংস্কৃত ৰূপ
সৰগ স্বৰ্গ
চেনেহ স্নেহ
মুকুতা মুক্তা
কাণ কৰ্ণ
কাম কৰ্ম
ভকতি ভক্তি‍
দৰশন দৰ্শন
কাঠ কাষ্ঠ
বৰণ বৰ্ণ
ধৰম ধৰ্ম
কৰম কৰ্ম
মৰত মৰ্ত্য
দীঘল দীৰ্ঘ
জনম জন্ম
মৰণ মৃত্যু

৫/ তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দৰে বাক্য ৰচনা কৰা—

শব্দ বিপৰীত শব্দ বাক্য
সৰগ নৰক পাপ কৰাসকলে নৰকত স্থান পায় বুলি বিশ্বাস কৰা হয়৷
জনম মৰণ জন্ম মাত্ৰেই মৰণ নিশ্চিত৷
আকাশ পাতাল প্ৰাচীন ভাৰতীয় শাস্ত্ৰমতে পাতাল সাতখন৷
দীৰ্ঘ হ্ৰস্ব হ্ৰস্ব শব্দটোৱে‍ চুটি বুজায়৷
চেনেহ ঘৃণা নিঃকিন লোকক ঘৃণা কৰা অনুচিত৷
দিবা ৰাত্ৰি‍ আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাত্ৰি সংঘটিত হয়৷
হৰ্ষ বিষাদ মাকৰ মৃত্যুৰ বিষাদত ল’ৰাটো মানসিকভাৱে ভাগি পৰিছে৷
সপোন দিঠক তেওঁৰ সপোনটো দিঠকত পৰিণত কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে৷
আৱাহন বিসৰ্জন বিজয়া দশমী তিথিত দুৰ্গাদেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷


Sub: English
Lesson 1: The Prince of Panidihing

1. Read the following passage and answer the questions that follow:

It rained heavily all week. The swelling water of the Brahmaputra continued rising. As a result the embankment at Chitolia village was breached and caused flood in Chitolia and its neighbouring villages. Khagen's village Borgaon was not far from there. Khagen, a young boy of seventeen, quickly understood the seriousness of the situation and swung into action with his friends Ramen, Dhan, Dambaru and Abbas.

A) Choose the correct option

a) Khagen was ____ years old.

  (i) 13 (ii) 15 (iii) 17 (iv) 19

Ans: Khagen was  17  years old.

b) It rained heavily all ____ .

  (i) day (ii) week (iii) month (iv) none of these

Ans: It rained heavily all  week  .

c) Khagen ____ understood the seriousness of the situation.

  (i) quickly (ii) slowly (iii) shortly (iv) recently

Ans: Khagen  quickly  understood the seriousness of the situation.

B) Read the following sentences and write 'True' or ‘False’:

a) Due to heavy rain, the embankment at Chitolia village was breached.

Ans: True.

b) Naren kai was Khagen's friend.

Ans: False.

c) Khagen lived in Chitolia village.

Ans: False.

d) It rained heavily all week.

Ans: True.

C) Match the words in 'Column A' with their relating words in 'Column B' :

Column A Column B
(a) Flood (i) Khagen's village
(b) Brahmaputra (ii) breach embankments
(c) Dhan (iii) a river
(d) Borgaon (iv) Khagen's friend

Ans:

Column A Column B
(a) Flood (ii) breach embankments
(b) Brahmaputra (iii) a river
(c) Dhan (iv) Khagen's friend
(d) Borgaon (i) Khagen's village

D) Read the following sentences carefully and write them in proper order of events:

a) The water of the Brahmaputra continued rising.

b) It caused flood in Chitolia and other neighbouring villages.

c) It rained heavily.

d) The embankment at Chitolia village was breached.

Ans: It rained heavily. The water of the Brahmaputra continued rising. The embankment at Chitolia village was breached. It caused flood in Chitolia and other neighbouring villages.

 The teachers/guardians will support students to read the whole story of ‘The Prince of Panidihing’.

2. Underline the adverbs in the sentences below and write what types they are:

a) The air quickly filled with the cries and wails of the village folk.

   Adverb of manner.   

b) Soon they reached Chitolia.

   Adverb of time.   

c) Khagen was always ready to help others.

   Adverb of frequency.   

d) Ramen ran towards Khagen.

   Adverb of direction.   

e) He will stay there.

   Adverb of place/ position.   

f) When will you come?

   Adverb of time.   

g) Moni baidew was very scared to step into the boat.

   Adverb of degree.   

3. There was flood in Khagen's village Borgaon. He wrote a report for a newspaper. Read what he wrote for it.

Two swept away in flash flood

Borgaon, July 15: Two children, a boy of 13 and a girl of 11 were swept away in a flash flood caused by heavy rains at Borgaon, in the upper Assam district of Sivasagar. Most of the flood affected people were rescued and shifted to the relief camps. The district administration sought the help of the SDRF team and local youths in the rescue operation. However, the bodies of the children were not found yet.

Imagine that a flood occurs in your area. Now, write a newspaper report on it. Give a suitable title to it and mention the place and date in your report.

Title:.......................................

Place, Majuli Date October, 17th:

The relentless heavy downpour due to the ongoing monsoon lashed the major parts of Arunachal Pradesh caused heavy flood in the north bank of the Brahmaputra. Dhemaji, North Lakhimpur and even the river island Majuli were heavily affected. Embankments of the Brahmaputra breached, thereby the houses and roads and lanes in many areas were completely submerged. Large areas of Majuli district were completely inundated. Several villages and paddy fields were severely affected. Communications were cut off, people were shifted to the temporary relief camps. Police and para-military forces along with NDRF and SDRF were rendering their utmost help to the best of their capacity. The government has provided relief materials but it was not sufficient to cater the dire needs of the affected people. The plight of the flood affected people was beyond description till the preparation of this report.

4. Write a diary entry describing what did you do yesterday and your plan for tomorrow.

Your diary page may include the following points-

• Date and time of making the entry

• How did you spend the day

• What is your plan for the next day


विषय: हिंदी (L-3) 
पाठ्यपुस्तकः पल्लव भाग-3 
पाठ सं.1 - भारत हमको जान से प्यारा है 

1. आठवी कक्षा के पाठ सं. 1 “भारत हमको जान से प्यारा है शीर्षक गीत को ध्यानपूर्वक पढ़ो और प्रश्नों का उत्तर दो - 

(क) भारत किसकी शान है?

उत्तर: भारत दुनिया की शान है৷ 

(ख) भारत की राजभाषा क्या है?

उत्तर: भारत की राजभाषा हिंदी है

(ग) हिंदुस्तानी किसे कहते हैं? 

उत्तर: हिंदुस्तान में रहनेवाला लोगो को हिंदुस्तानी कहते हैं৷

(घ) हिंदुस्तानी किसकी रक्षा में अपनी जान कुर्बान करेंगे? 

उत्तर: हिंदुस्तानी भारत माँ की रक्षा में अपनी जान कुर्बान करेंगे৷

2. भारत के मानचित्र को देखो और प्रश्नों का उत्तर दो-

(क) असम राज्य भारत की किस दिशा में अवस्थित है? 

उत्तर: असम राज्य भारत की पूर्वोत्तर दिशा में अवस्थित है৷

(ख) महाराष्ट्र किस दिशा में अवस्थित है? 

उत्तर: महाराष्ट्र पश्चिम दिशा में अवस्थित है৷

(ग) पूर्वोत्तर का प्रवेश दूवार किस शहर को कहा जाता है? 

उत्तर: पूर्वोत्तर का प्रवेश दूवार गुवाहाटी शहर को कहा जाता है৷

(घ) 'जन्मभूमि स्वर्गदपि गरीयसी' - का अर्थ बड़ों से पूछकर लिखो और चर्चा करो कि कविता के शीर्षक के साथ इसकी समानता है या नहीं?

उत्तर: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी का अर्थ जननी और जन्म-भूमि स्वर्ग से भी श्रेष्ठ होती है। कविता के शीर्षक के साथ इसकी समानता है৷

3. सही कथन के सामने (✔) और गलत कथन के सामने (✖) का निशान लगाओ - 

(क) भारत दुनिया का गौरव है।
(ख) हम सब भारतवासी एक हैं।
(ग) भारत में एक ही भाषा बोली जाती है।
(घ) सबके लिए अपना देश जान से प्यारा है।

4. आओ, हम कुछ भाषाओं एवं भाषाएँ बोली जानेवाले कुछ राज्यों के नाम ल्लिखें· - 

भाषा किस राज्य में बोली जाती है
असमीया असम
मराठी महाराष्ट्र
पंजाबी पंजाब
तमिल तमिलनाडु

5. आओ, शब्दों को पढ़ें और उनके अर्थों के साथ मिलान करें - 

6. 'भारत महान देश है'- यह सिद्ध करते हुए पाँच वाक्य लिखो৷


বিষয়— গণিত
পাঠ নং ১— পৰিমেয় সংখ্যা

পৰিমেয় সংখ্যা: যিবোৰ সংখ্যাক \(\frac{p}{q}\)আৰ্হিত লিখিব পৰা যায়, য’ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0 সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে৷

* সকলো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা।

* সকলো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা।

* সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা।

* দশমিক বিন্দুৰ সীমিত স্থানলৈ প্ৰসাৰিত কৰিব পৰা সংখ্যাবোৰ পৰিমেয় সংখ্যা।

* দশমিক বিন্দুৰ পিছত অসীমলৈ প্ৰসাৰিত, কিন্তু পৌনঃপুনিক দশমিক সংখ্যাবোৰ পৰিমেয় সংখ্যা।

1. প্ৰশ্ন: তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাষৰ বাকচত লিখা।

(a) 0 টো পৰিমেয় সংখ্যা হয় নে নহয় হয়

(b) \(\frac{-7}{2}\) টো পৰিমেয় সংখ্যা হয় নে নহয় হয়

(c) পৰিমেয় সংখ্যাকেইটা বাছি উলিওৱা -6, 7.2, 3.4444..., \(\sqrt 7 \), 2 + \(\sqrt 3 \), 0, \(\frac{5}{9}\),1.010010001..., 4.8

পৰিমেয় সংখ্যাকেইটা হ’ল

-6, 7.2, 3.4444..., 0,\(\frac{5}{9}\), 4.8

পৰিমেয় সংখ্যাৰ ধৰ্ম

1.1 পৰিমেয় সংখ্যাৰ আৱদ্ধ বিধি:

1.1.1 যোগ সাপেক্ষে আৱদ্ধ বিধি: দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা। অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যা হ’লে a + b ও সদায় এটা পৰিমেয় সংখ্যা হ’ব৷

যেনে:

\(\begin{array}{l} \frac{5}{{17}} + \left( {\frac{{ - 3}}{{17}}} \right) = \frac{{5 + \left( { - 3} \right)}}{{17}} = \frac{2}{{17}}\\ \frac{{ - 4}}{6} + \frac{{ - 7}}{{15}} = \frac{{ - 4 \times 5\left( { - 7} \right) \times 2}}{{30}} = \frac{{ - 20 - 14}}{{30}} = \frac{{ - 34}}{{30}} = \frac{{ - 17}}{{15}} \end{array}\)

ইয়াত প্ৰথম ক্ষেত্ৰত \(\frac{2}{17}\) আৰু দ্বিতীয় ক্ষেত্ৰত \(\frac{-17}{15}\) একোটা পৰিমেয় সংখ্যা৷

ইয়াকে যোগ সাপেক্ষে পৰিমেয় সংখ্যাৰ আৱদ্ধ বিধি বোলে।

1.1.2 বিয়োগ সাপেক্ষে আৱদ্ধ বিধি: দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা। অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যা হ'লে a- b ও এটা পৰিমেয় সংখ্যা। ইয়াকে বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যাৰ আৱদ্ধ বিধি বোলে।

যেনে: 

\(\begin{array}{l} 11 - \frac{3}{5} = \frac{{11 \times 5}}{{1 \times 5}} - \frac{3}{5} = \frac{{55 - 3}}{5} = \frac{{52}}{5}\\ \frac{{ - 4}}{9} - \left( {\frac{{ - 7}}{{12}}} \right) = \frac{{ - 4 \times 4}}{{9 \times 4}} = \frac{{\left( { - 7} \right) \times 3}}{{12 \times 3}} = \frac{{ - 16 - \left( { - 21} \right)}}{{36}} = \frac{{ - 16 + 21}}{{36}} = \frac{5}{{36}} \end{array}\)

প্ৰতিটো ক্ষেত্ৰত একোটা পৰিমেয় সংখ্যা পোৱা গ’ল।

1.1.3 পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ বিধি:

a আৰু b যিকোনো দুটা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত (a x b) ও এটা পৰিমেয় সংখ্যা।

গতিকে,পৰিমেয় সংখ্যাসমূহ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ। যেনে:

প্ৰতিটো ক্ষেত্ৰত একোটা পৰিমেয় সংখ্যা পোৱা গ’ল।

1.1.4 হৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ বিধি:

এটা পৰিমেয় সংখ্যাক আন এটা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে হৰণফলটো এটা পৰিমেয় সংখ্যা নহ’বও পাৰে। যেনে: 0 আৰু 7। কিন্তু শূন্যক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আৱদ্ধ।

প্ৰশ্ন: তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাষৰ বাকচত লিখা:

(a) দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয়  সংখ্যা৷

(b) দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা৷

(c) দুটা পৰিমেয় সংখ্যাৰ পূৰণফল এটা পৰিমেয় সংখ্যা হয়/ নহয় হয়

(d) পৰিমেয় সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়/ নহয় হয়

(e) পৰিমেয় সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়/ নহয় নহয়

(f) পৰিমেয় সংখ্যাসমূহ পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয়/নহয় হয়

(g) পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয়/ নহয় নহয়

(h) 0 ক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ।

প্ৰশ্ন: তলৰ সংখ্যাকেইটা যোগ, বিযোগ, পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ হয়নে নহয় পৰীক্ষা কৰা।

(a) 3, \(\frac{4}{9}\)

(b) \(\frac{6}{17}\), \(\frac{-4}{9}\)

(c) \(\frac{-23}{4}\), \(\frac{-5}{9}\)

(d) -5, \(\frac{22}{7}\)

(e) \(\frac{5}{8}\), \(\frac{5}{14}\)

(অতিৰিক্ত কাগজ সংলগ্ন কৰি পৰীক্ষাবোৰ কৰিবা।)

1.2 পৰিমেয় সংখ্যাৰ ক্ৰম বিনিময় বিধি:

1.2.1 যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি: যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰি পোৱা যোগফলটো সংখ্যা দুটাৰ ক্ৰম সলনি কৰি পোৱা যোগফলৰ সমান। অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যাৰ বাবে a + b = b + a

যেনে: 

\(\frac{5}{{17}} + \left( {\frac{{ - 3}}{{17}}} \right) = \frac{{5 + \left( { - 3} \right)}}{{17}} = \frac{2}{{17}}\)

আকৌ,

\(\left( {\frac{{ - 3}}{{17}}} \right) + \frac{5}{{17}} = \frac{{\left( { - 3} \right) + 5}}{{17}} = \frac{2}{{17}}\)

গতিকে‍,

\(\frac{5}{{17}} + \left( {\frac{{ - 3}}{{17}}} \right) = \left( {\frac{{ - 3}}{{17}}} \right) + \frac{5}{{17}}\)

1.2.2 বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি: বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাই কিয় ক্ৰমবিনিময় বিধি মানি নচলে। চাওঁ আহা। ধৰা হ’ল, a= \(\frac{-5}{8}\), b= \(\frac{3}{16}\)

∴ a- b = \(\frac{-5}{8}\)- \(\frac{3}{16}\)

= \(\frac{{ - 5 \times 2 - 3}}{{16}}\)

= \(\frac{-13}{16}\)

আকৌ,

\(\begin{array}{l} b - a = \frac{3}{{16}} - \left( {\frac{{ - 5}}{8}} \right)\\ = \frac{{3 - \left( { - 5} \right) \times 2}}{{16}}\\ = \frac{{13}}{{16}} \end{array}\)

∴ 𝑎– 𝑏 ≠ 𝑏– 𝑎

1.2.3 পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি:

কোনো দুটা পৰিমেয় সংখ্যা a আৰু b ৰ ক্ষেত্ৰত a x b = b x a। অৰ্থাৎ, পৰিমেয় সংখ্যাই পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে।

যেনে:

\(3 \times \frac{7}{5} = \frac{3}{1} \times \frac{7}{5} = \frac{{3 \times 7}}{{1 \times 5}} = \frac{{21}}{5}\)

আকৌ,

\(\frac{7}{5} \times 3 = \frac{7}{5} \times \frac{3}{1} = \frac{{7 \times 3}}{{5 \times 1}} = \frac{{21}}{5}\)

∴ \(3 \times \frac{7}{5} = \frac{7}{5} \times 3\)

1.2.4 হৰণ প্ৰক্ৰিয়াত পৰিমেয় সংখ্যাৰ ক্ৰমবিনিময় বিধি:

পৰিমেয় সংখ্যাই হৰণত ক্ৰমবিনিময় বিধি মানি নচলে। যেনে:

(−15) ÷ 9 = −6

কিন্তু, \(9 \div \left( { - 54} \right) = \frac{9}{{ - 54}} = \frac{{ - 1}}{6}\)

গতিকে, দুটা অশূন্য পৰিমেয় সংখ্যা a, b ৰ বাবে

a ÷ b ≠ b ÷ a

প্ৰশ্ন: তলৰ সংখ্যাকেইটাই যোগ, বিযোগ, পূৰণ আৰু হৰণ সাপেক্ষে ক্ৰমবিনিময় বিধি মানি চলে নে নচলে পৰীক্ষা কৰা।

(a) -5, \(\frac{8}{{17}}\)

(b) \(\frac{5}{{8}}\), \(\frac{-7}{{12}}\)

(c) \(\frac{-23}{{4}}\), \(\frac{-5}{{9}}\)

(অতিৰিক্ত কাগজ সংলগ্ন কৰি পৰীক্ষাবোৰ কৰিবা।)

1.4 পৰিমেয় সংখ্যাৰ সহযোগ বিধি:

1.4.1 যোগ প্ৰক্ৰিয়াত সহযোগ বিধি: যিকোনো তিনিটা পৰিমেয় সংখ্যা লওঁ আহা। ধৰা হ’ল, সংখ্যা তিনিটা ক্ৰমে ৪, \(\frac{-7}{{12}}\) আৰু \(\frac{5}{{8}}\)

এতিয়া, 

\(\begin{array}{l} \left\{ {8 + \left( { - \frac{7}{{12}}} \right)} \right\} + \frac{5}{8}\\ = \left( {\frac{{8 \times 12 - 7}}{{12}}} \right) + \frac{5}{8}\\ = \frac{{89 \times 2 + 5 \times 3}}{{24}}\\ = \frac{{193}}{{24}} \end{array}\)

আকৌ, 

\(\begin{array}{l} 8 + \left\{ {\left( { - \frac{7}{{12}}} \right) + \frac{5}{8}} \right\}\\ = 8 + \left( {\frac{{ - 7 \times 2 + 5 \times 3}}{{24}}} \right)\\ = 8 + \frac{1}{{24}}\\ = \frac{{8 \times 24 + 1}}{{24}}\\ = \frac{{193}}{{24}} \end{array}\)

∴ \(\left\{ {8 + \left( { - \frac{7}{{12}}} \right)} \right\} + \frac{5}{8} = 8 + \left\{ {\left( { - \frac{7}{{12}}} \right) + \frac{5}{8}} \right\}\)

অৰ্থাৎ, a, b আৰু c তিনিটা পৰিমেয় সংখ্যা হ’লে

(a+b) + c= a + (b+c)

সেয়ে পৰিমেয় সংখ্যাই যোগ প্ৰক্ৰিয়াত সহযোগ বিধি মানি চলে।

1.4.2 বিয়োগ প্ৰক্ৰিয়াত সহযোগ বিধি: বিয়োগ প্ৰক্ৰিয়াত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে৷ ওপৰত আলোচনা কৰা সংখ্যাকেইটা লৈ কৰি চোৱা। অৰ্থাৎ, a, b আৰু c তিনিটা পৰিমেয় সংখ্যা হ’লে

(a - b) — c ≠ a- (b-c)

বা a—(b-c) ≠ (a-b)-c

1.4.3 পূৰণ প্ৰক্ৰিয়াত সহযোগ বিধি: যিকোনো তিনিটা পৰিমেয় সংখ্যা, a, b আৰু c ৰ ক্ষেত্ৰত (a x b) x c = a x (b x c) হয়। এয়াই হৈছে পৰিমেয় সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি।

1.4.4 হৰণ প্ৰক্ৰিয়াত সহযোগ বিধি: এটা উদাহৰণৰ দ্বাৰা আলোচনা কৰোঁ আহা।

\(\begin{array}{l} \left( {8 \div \frac{5}{6}} \right) \div \frac{7}{4}\\ = \left( {8 \times \frac{6}{5}} \right) \div \frac{7}{4}\\ = \frac{{48}}{5} \times \frac{4}{7}\\ = \frac{{48 \times 4}}{{5 \times 7}}\\ = \frac{{192}}{{35}} \end{array}\)

আকৌ,

\(\begin{array}{l} 8 \div \left( {\frac{5}{6} \div \frac{7}{4}} \right)\\ = 8\left( {\frac{5}{6} \times \frac{4}{7}} \right)\\ = 8 \div \left( {\frac{{20}}{{42}}} \right)\\ = 8 \times \frac{{42}}{{20}}\\ = \frac{{8 \times 42}}{{20}}\\ = \frac{{336}}{{20}} \end{array}\)

গতিকে দেখা গ’ল

\(\left( {8 \div \frac{5}{6}} \right) \div \frac{7}{4} \ne 8 \div \left( {\frac{5}{6} \div \frac{7}{4}} \right)\)

সেয়ে হৰণত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে।

অৰ্থাৎ, তিনিটা পৰিমেয় সংখ্যাৰ বাবে

(a÷b) ÷c ≠ a÷ (b ÷ c)

প্ৰশ্ন: তলৰ সংখ্যাকেইটাই যোগ, বিযোগ, পূৰণ আৰু হৰণ সাপেক্ষে সহযোগ বিধি মানি চলে নে নচলে পৰীক্ষা কৰা।

(a) -5, -4, -7

(b) \(\frac{1}{2}\), \(\frac{2}{3}\), \(\frac{3}{4}\)

(c) 2, \(\frac{3}{4}\), \(\frac{5}{6}\)

(অতিৰিক্ত কাগজ সংলগ্ন কৰি পৰীক্ষাবোৰ কৰিবা।)

1.5 পৰিমেয় সংখ্যাৰ বিতৰণ বিধি:

1.5.1 যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি: যদি a, b আৰু c তিনিটা পৰিমেয় সংখ্যা হয়,

তেন্তে,

a x (b+c) = (a xb) + (a x c)

এয়াই হৈছে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি৷

উদাহৰণস্বৰূপে, 2, \(\frac{-5}{6}\) আৰু \(\frac{1}{6}\) এই পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত এই বিধি প্ৰয়োগ কৰি পাওঁ,

\(\begin{array}{l} 2 \times \left( {\frac{{ - 5}}{6} + \frac{1}{6}} \right)\\ = 2 \times \left( {\frac{{ - 5 + 1}}{6}} \right)\\ = 2 \times \frac{{ - 4}}{6}\\ = \frac{{ - 8}}{6} \end{array}\)

আকৌ

\(\begin{array}{l} 2 \times \left( {\frac{{ - 5}}{6}} \right) + 2 \times \frac{1}{6}\\ = \frac{{ - 10}}{6} + \frac{2}{6}\\ = \frac{{ - 10 + 2}}{6}\\ = \frac{{ - 8}}{6} \end{array}\)

গতিকে,

\(2 \times \left( {\frac{{ - 5}}{6} + \frac{1}{6}} \right) = 2 \times \left( {\frac{{ - 5}}{6}} \right) + 2 \times \frac{1}{6}\)

1.5.2 বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি: যদি a, b আৰু c তিনিটা পৰিমেয় সংখ্যা হয়,

তেন্তে,

𝑎 × (𝑏 − 𝑐) = (𝑎 × 𝑏) − (𝑎 × 𝑐) 

এয়াই হৈছে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি।

কাৰ্য: তোমালোকে বেলেগ বেলেগ সংখ্যা লৈ পৰীক্ষা কৰি চোৱা—

𝑎 × (𝑏 + 𝑐) = (𝑎 × 𝑏) + (𝑎 × 𝑐)

𝑎 × (𝑏 − 𝑐) = (𝑎 × 𝑏) − (𝑎 × 𝑐) 

প্ৰশ্ন: তলৰ সংখ্যাকেইটাই যোগ আৰু বিয়োগ সাপেক্ষে সহযোগ বিধি মানি চলেনে নচলে পৰীক্ষা কৰা।

(a) 3, 5, -7

(b) \(\frac{{ - 1}}{5}\), \(\frac{{ 2}}{7}\), \(\frac{{3}}{35}\)

(c) \(\frac{{ - 3}}{8}\), \(\frac{{2}}{7}\), \(\frac{{ - 5}}{7}\)

প্ৰশ্ন: পৰিমেয় সংখ্যাৰ উপযুক্ত বিধি ব্যৱহাৰ কৰি তলৰ খালী বাকচবোৰ পূৰ কৰা।

(a) \(\frac{5}{9} \times \frac{8}{7} = \frac{8}{7} \times \) \(\frac{5}{9}\)

(b) \(\frac{4}{9} + \frac{{ - 7}}{{11}} = \) \(\frac{-7}{11}\)\( + \frac{4}{9}\)

(c) \(\frac{{11}}{{13}} \div \frac{{15}}{{18}}\)\(\frac{{15}}{8} \div \frac{{11}}{{13}}\)

(d) \(\frac{{ - 3}}{{17}} - \frac{5}{{19}}\)\(\frac{5}{{19}} - \frac{{ - 3}}{{17}}\)

(e) \(\frac{2}{7} + \left( {\frac{{ - 3}}{8} + \frac{{ - 6}}{{11}}} \right) = \) (\(\frac{2}{7}\) + \(\frac{-3}{8}\))+\(\frac{-6}{11}\)

(f) \(\frac{2}{7} - \left( {\frac{{ - 3}}{8} - \frac{{ - 6}}{{11}}} \right)\) \(\left( {\frac{2}{7} - \frac{{ - 3}}{8}} \right) - \frac{{ - 6}}{{11}}\)

(g) \(\left( {\frac{7}{{13}} \div \frac{5}{8}} \right) \div \frac{6}{{11}}\) \(\frac{7}{{13}} \div \left( {\frac{5}{8} \div \frac{6}{{11}}} \right)\)

(h) \(\left( {\frac{7}{{13}} \times \frac{8}{5}} \right) \times \frac{6}{{11}}\) = \(\frac{7}{{13}} \times \left( {\frac{5}{8} \times \frac{6}{{11}}} \right)\)

(i) \(3 \times \left( {\frac{7}{{13}} + \frac{{15}}{8}} \right) = 3 \times \)\(\frac{7}{{13}}\) + 3 \( \times \frac{{15}}{8}\)

(j) \( - 8 \times \)(\(\frac{{11}}{{13}} - \) \(\frac{7}{5}\))= -8 x \(\frac{11}{13}\)--8 x \(\frac{7}{5}\)

(k) \(\frac{7}{2} \times \) (\(\frac{3}{2}\)\( + \frac{5}{2}\))\( = \frac{7}{2} \times \frac{3}{2} + \frac{7}{2} \times \frac{5}{2}\)

পৰিমেয় সংখ্যাৰ অভেদসমূহ:

1.6.1 যোগাত্মক অভেদ:

শূন্যৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফল সেই পৰিমেয় সংখ্যাটোৱেই হয়। সেয়েহে শূন্য হ’ল পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক অভেদ।

1.6.2 গুণাত্মক অভেদ:

একৰ লগত যিকোনো পৰিমেয় সংখ্যা পূৰণ কৰিলে পূৰণফল সেই পৰিমেয় সংখ্যাটোৱেই হয়। সেয়েহে এক হ’ল পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ৷

যোগাত্মক বিপৰীত:

a যিকোনো এটা পৰিমেয় সংখ্যা হ’লে a+(-a) =0 = (-a) +a

-a ক aৰ যোগাত্মক বিপৰীত বোলে। আনহাতে, a কো -a ৰ যোগাত্মক বিপৰীত বোলে। যেনে— \(\frac{6}{9} + \left( {\frac{{ - 6}}{9}} \right) = 0\)

গতিকে \(\frac{6}{9}\) ৰ যোগাত্মক বিপৰীত হ'ব \( - \frac{6}{9}\)৷

নাইবা, \( - \frac{6}{9}\) ৰ যোগাত্মক বিপৰীত হ’ব \(\frac{6}{9}\)৷

\(\frac{6}{9}\) ৰ যোগাত্মক বিপৰীত হ'ব \( - \frac{6}{9}\)৷

নিজে চেষ্টা কৰা:

\( - \frac{11}{15}\) ৰ যোগাত্মক বিপৰীত হ’ব \(\frac{11}{15}\)

\( - \frac{3}{19}\)ৰ যোগাত্মক বিপৰীত হ’ব \(\frac{3}{19}\)

2.5ৰ যোগাত্মক বিপৰীত হ’ব -2.5

0 ৰ যোগাত্মক বিপৰীত হ’ব 0

\(\frac{-a}{c}\) ৰ যোগাত্মক বিপৰীত হ’ব \(\frac{a}{c}\)

\(\frac{5}{6}\) ৰ যোগাত্মক বিপৰীত হ’ব \(-\frac{5}{6}\)

গুণাত্মক বিপৰীত (বা প্ৰতিক্ৰম)

দুটা সংখ্যাৰ পূৰণফল 1 হ’লে সংখ্যা দুটাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। যেনে—

6 x \(\frac{1}{6}\) = 1 নাইবা, \(\frac{1}{6}\) x 6 =1

গতিকে, 6ৰ গুণাত্মক বিপৰীত হ’ল \(\frac{1}{6}\),  নাইবা, \(\frac{1}{6}\) ৰ গুণাত্মক বিপৰীত 6

\(\frac{2}{7}\) x \(\frac{7}{2}\) = 1 নাইবা, \(\frac{7}{2}\) x \(\frac{2}{7}\) =1

গতিকে, \(\frac{7}{2}\) ৰ গুণাত্মক বিপৰীত হ’ল \(\frac{2}{7}\), নাইবা, \(\frac{2}{7}\) ৰ গুণাত্মক বিপৰীত হ’ল \(\frac{7}{2}\)>

নিজে চেষ্টা কৰা:

(a) -9 ৰ গুণাত্মক বিপৰীত \(-\frac{1}{9}\)

(b) \(\frac{2}{3}\) ৰ গুণাত্মক বিপৰীত \(\frac{3}{2}\)

(c) \(-\frac{5}{7}\)ৰ গুণাত্মক বিপৰীত \(-\frac{7}{5}\)

(d) \(-\frac{1}{7}\) ৰ গুণাত্মক বিপৰীত -7

(e) -1 ৰ গুণাত্মক ৰিপৰীত -1

(f) -2 x \(\frac{2}{5}\) ৰ গুণাত্মক বিপৰীত \(-\frac{5}{4}\)

(g) \(-\frac{4}{9}\) x \(\frac{-2}{7}\) ৰ গুণাত্মক বিপৰীত

(h) 0 ৰ গুণাত্মক বিপৰীত নাই

(i) 0 ৰ গুণাত্মক বিপৰীত নাই।

(j) 1 আৰু -1ৰ গুণাত্মক বিপৰীত সংখ্যাটো নিজে।


বিষয়: বিজ্ঞান
পাঠ নং ১৮ - বৰ্জিত পানীৰ কথা

চমু আভাষ: ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে জানো যে পানীয়েই আমাৰ প্ৰাণ। কিন্তু জনসংখ্যা বৃদ্ধি, প্ৰদূষণ, উদ্যোগিক বিকাশ আদি বিভিন্ন কাৰণত পৃথিৱীত খোৱাৰ উপযোগী বিশুদ্ধ পানীৰ ক্ৰমাগতভাৱে‍ নাটনি হৈ আহিছে। সেয়েহে পানীৰ অপচয় ৰোধ কৰাত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আমাৰ ঘৰ, উদ্যোগ, চিকিৎসালয় আদিত

ব্যৱহাৰ কৰি পেলাই দিয়া পানীখিনিক বৰ্জিত পানী বোলা হয়। এই বৰ্জিত পানীখিনি উপচাৰ অৰ্থাৎ পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি পানী প্ৰদূষণ আৰু অপচয় ৰোধ কৰিব পৰা কথাটো আমি জানো৷ আহাচোন আমি তলৰ ক্ৰিয়াকলাপকেইটা কৰি চাওঁ।

কাৰ্য -১

তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা—

(পানীখিনি জিভাত লগাই সোৱাদ নল’বা)

বৰ্জিত পানীৰ প্ৰকাৰ গোন্ধ আছে‍/ নাই মিহলি হৈ থকা দূষিতকাৰক দ্ৰব্য পানীখিনি গৈ জমা হোৱা স্থান যদি পুনৰ অন্য কামত ব্যৱহাৰ কৰিব পাৰি, কামটো উল্লেখ কৰা
শাক-পাচলি ধোৱা পানী আছে শাক-পাচলিৰ পেলনীয়া অংশ বাৰীৰ চুকৰ দ স্থানত ফুলৰ টাব, গছৰ গুৰিত দিয়া কামত
মাছ-মাংস ধোৱা পানী আছে মাছ-মাংসত লাগি থকা কিছু পদাৰ্থ বাৰীৰ চুকৰ দ স্থানত পচন সাৰৰ গাঁতত
বাচন ধোৱা পানী আছে বাচন ধোৱা চাবোনৰ ফেন, তেলজাতীয় পদাৰ্থ, খাদ্যৰ অৱশিষ্ট বাৰীৰ চুকৰ দ স্থানত নোৱাৰি‍
কাপোৰ আওডলা পানী আছে বাচন ধোৱা চাবোনৰ ফেন, কাপোৰৰ মলি‍ বাৰীৰ চুকৰ দ স্থানত ঘৰ মচা কামত
মুখ ধোৱা পানী আছে দাঁতত লাগি থকা খাদ্যাংশ, টুথপেষ্টৰ ফেন বাৰীৰ দ স্থান নোৱাৰি‍
গা ধোৱা পানী আছে চাবোনৰ ফেন, গাৰ মলি‍ বাৰীৰ চুকৰ দ স্থানত নোৱাৰি‍
গাড়ী-মটৰ ধোৱা পানী আছে ডি‍টাৰজেণ্টৰ ফেন, গাড়ীত লাগি থকা বোক, ধূলি‍-মাকতি‍ বাৰীৰ চুকৰ দ স্থানত নোৱাৰি‍
অন্যান্য কামত ব্যৱহাৰ কৰা পানী কিছুমানত আছে আৰু কিছুমানত নাই ভিন ভিন দূষিতকাৰক পদাৰ্থ বাৰীৰ চুকৰ দ স্থানত নোৱাৰি‍

পৰ্যবেক্ষণৰ পৰা তোমালোকে দেখিলা যে কিছুমান বৰ্জিত পানী পুনৰ ব্যৱহাৰৰ উপযোগী হয় যদিও সকলো বৰ্জিত পানী পুনৰ ব্যৱহাৰৰ উপযোগী নহয়। বৰ্জিত পানীখিনি আমি কিদৰে উপাচাৰ অৰ্থাৎ পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰোঁ, সেই বিষয়ে বিতংভাৱে জানিবলৈ তোমালোকে পাঠ্যপুথিৰ পাঠ নং ১৮ ‘বৰ্জিত পানীৰ কথা’ পাঠটি ভালদৰে পঢ়া আৰু লগতে পাঠটিত থকা ক্ৰিয়াকলাপ ১৮.৩ টো (বৰ্জিত পানীৰ উপাচাৰ) কৰি চাবলৈ যত্ন কৰা।

এতিয়া তোমালোকে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ যত্ন কৰা—

১৷ খালী ঠাই পূৰ কৰা:

(ক) পূতিজল এবিধ             আৱৰ্জনা।

উত্তৰ: পূতিজল এবিধ   জুলীয়া   আৱৰ্জনা।

(খ) পূতিজলত থকা নাইট্ৰেট, ফছফেট আদি বিভিন্ন ধাতুবোৰ             অশুদ্ধি।

উত্তৰ: পূতিজলত থকা নাইট্ৰেট, ফছফেট আদি বিভিন্ন ধাতুবোৰ   অজৈৱ   অশুদ্ধি।

(গ) পূতিজলত থকা প্ৰাণীৰ মল-মূত্ৰবোৰ             অশুদ্ধি।

উত্তৰ: পূতিজলত থকা প্ৰাণীৰ মল-মূত্ৰবোৰ   জৈৱ   অশুদ্ধি।

(ঘ)             ক’লেৰা, টাইফয়েড আদি ৰোগৰ কাৰক।

উত্তৰ:   বেক্টেৰিয়া  ক’লেৰা, টাইফয়েড আদি ৰোগৰ কাৰক।

(ঙ) বৰ্জিত পানীক উপচাৰ কৰা প্ৰক্ৰিয়াটোক             বোলে৷

উত্তৰ: বৰ্জিত পানীক উপচাৰ কৰা প্ৰক্ৰিয়াটোক  পূতিজল উপচাৰ  বোলে৷


বিষয়: সমাজ বিজ্ঞান
পাঠ নং ১- প্ৰাকৃতিক সম্পদ

কাৰ্য নং—১ 

চমু উত্তৰ লিখা: (পাঠৰ আলমত)

ক) কি কি প্ৰাকৃতিক উপাদান মানুহৰ কামত ব্যৱহৃত হয়?

উত্তৰ: মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক উপাদান মানুহৰ কামত ব্যৱহৃত হয়৷

খ) ভূমি সম্পদৰ ক্ষেত্ৰত কোনবোৰ কাৰকে সংকট সৃষ্টি কৰিছে?

উত্তৰ: ভূমিস্খলন, খহনীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপ আদি কাৰকে  ভূমি সম্পদৰ ক্ষেত্ৰত সংকট সৃষ্টি কৰিছে৷

গ) ভূমি সংৰক্ষণৰ তিনিটা উপায় উল্লেখ কৰা৷

উত্তৰ: ভূমি সংৰক্ষণৰ তিনিটা উপায় হৈছে‍—

(i) ঘাঁহ-বন আৰু বৃক্ষ ৰোপণ কৰা৷

(ii) পৰিৱেশৰ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা৷

(iii) জধে‍-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা৷

ঘ) কি কি প্ৰক্ৰিয়াৰ দ্বাৰা পানী পুনৰ উৎসসমূহত জমা হয়?

উত্তৰ: বাষ্পীভৱন, অধোক্ষেপণ আৰু প্ৰবহন প্ৰক্ৰিয়াৰ দ্বাৰা পানী পুনৰ উৎসসমূহক জমা হয়৷ 

ঙ) তিনিবিধ জীৱাশ্ম ইন্ধনৰ নাম লিখা৷

উত্তৰ: তিনিবিধ জীৱাশ্ম ইন্ধনৰ নাম হ’ল— কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ৷

কাৰ্য নং— ২

“বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণে হয়- বাণিজ্যিক (Commercial) আৰু পাৰিস্থিতিক (Ecologic)’’

পাঠত উদ্ধৃত এই বাক্যশাৰীৰ আলমত দুয়োটা দিশত আমি লাভ কৰা সুবিধাসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।

বাণিজ্যিক পাৰিস্থিতিক
.......... ..........
.......... ..........
.......... ..........
.......... ..........
.......... ..........
.......... ..........

কাৰ্য নং— ৩

শুদ্ধ উত্তৰটো বাছি উলিওৱা-

১) পেট্ৰ’লিয়ামক ‘পনীয়া সোণ’ বুলি কোৱা হয়। ইয়াৰ কাৰণ হ’ল—

ক) ই অতি মূল্যৱান সম্পদ।

খ) ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

গ) ই জীৱাস্ম ইন্ধন।

ঘ) ই প্ৰকৃতিত উপলব্ধ সম্পদ।

উত্তৰ: ক) ই অতি মূল্যৱান সম্পদ।

২) নিৰ্মল পানী পাবলৈ হ’লে আমি কি কৰা উচিত?

ক) পানীত ৰাসায়নিক সাৰ মিহলি কৰিব লাগে।

খ) পানীৰ উৎসসমূহ প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

গ) পানী উতলাই/ গৰম কৰি ব্যৱহাৰ কৰিব লাগে।

ঘ) পানী জধে-মধে ব্যৱহাৰ কৰিব লাগে।

উত্তৰ: খ)পানীৰ উৎসসমূহ প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

৩) তলৰ কোনটো মৰুকৰণৰ কাৰণ—

ক) অপৰিকল্পিত কৃষি কাৰ্য।

খ) উদ্যোগীকৰণ৷

গ) অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ।

ঘ) একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ।

উত্তৰ: ঘ) একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ।

৪) সৌৰ শক্তি ব্যৱহাৰৰ এটা সুবিধা হ’ল—

ক) উৎপাদন খৰচ কম৷

খ) বহুত পৰিমাণৰ শক্তি পোৱা যায়৷

গ) প্ৰদূষণমুক্ত৷

ঘ) পৰিৱহণত খৰছ বেছি।

উত্তৰ: প্ৰদূষণমুক্ত৷

৫) নিম্নলিখিত কোন বিধে বৰ্ষাৰণ্যক বুজাইছে?

ক) পৰ্ণপাতী অৰণ্য

খ) চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য

গ) খেতিপথাৰ

ঘ) ৰাষ্ট্ৰায় উদ্যান

উত্তৰ: খ) চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য৷

কাৰ্য নং— ৪

খালী ঠাই পূৰ কৰা—

ক)                প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ৷

উত্তৰ:   ভূমিস্খলন   প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ৷

খ) নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে                 বুলি কোৱা হয়।

উত্তৰ: নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে    গৰাখহনীয়া   বুলি কোৱা হয়।

গ)                 কৃষিৰ জৰিয়তে পানীৰ প্ৰবাহ হ্ৰাস কৰিব পাৰি।

উত্তৰ:   বেদিকা   কৃষিৰ জৰিয়তে পানীৰ প্ৰবাহ হ্ৰাস কৰিব পাৰি।

ঘ) অৰণ্য হ’ল স্বাভাৱিকভাৱে                 সম্পদ৷

উত্তৰ: অৰণ্য হ’ল স্বাভাৱিকভাৱে  নৱীকৰণযোগ্য  সম্পদ৷

ঙ) ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা এল.পি.জি. এবিধ                 গেছ৷

উত্তৰ: ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা এল.পি.জি. এবিধ  পেট্ৰলিয়াম  গেছ৷

কাৰ্য নং— ৫

পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি সম্পদসমূহৰ নাম উল্লেখ কৰা আৰু দুয়োবিধ শক্তি সম্পদৰ অন্তৰ্গত দুটা শক্তি সম্পদৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰ:

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ