পোন্ধৰ দিনীয়া স্ব-শিকন সমলৰ প্ৰশ্নোত্তৰ (সপ্তম শ্ৰেণী, সমল নং: ২)

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল
(সমল নং ২)
(সপ্তম শ্ৰেণীৰ বাবে)


বিষয়: অসমীয়া
পাঠ - তেজৰে কমলাপতি

১) তলৰ শব্দবোৰৰ অর্থ বাকচৰ পৰা বিচাৰি লিখা—

কমলাপতি, ৰাখোৱাল, পতি, ধৱলী, চান্দ
পৰভাত, তিমিৰ, বাথান, বলৰাম, বেণু

গৰু আৰু ম’হৰ খুটি    বাথান   

স্বামী    পতি‍  

বাঁহী    বেণু   

পুৱা     পৰভাত   

চন্দ্ৰ      চান্দ    

ৰখীয়া    ৰাখোৱাল   

আন্ধাৰ     তিমিৰ     

বগা বৰণ    ধৱলী  

বিষ্ণু     কমলাপতি‍   

শ্ৰীকৃষ্ণৰ ককায়েকৰ নাম    বলৰাম  

২) ‘তেজৰে কমলাপতি’ বৰগীতটো সুৰ লগাই পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা—

ক) ‘তেজৰে কমলাপতি’ কবিতাটিৰ ৰচক কোন?

উত্তৰ: ‘তেজৰে কমলাপতি’ কবিতাটিৰ ৰচক শ্ৰীশ্ৰী মাধৱদেৱ৷

খ) কৃষ্ণক টোপনিৰ পৰা কোনে জগাইছে?

উত্তৰ: যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাইছে৷

গ) বৰগীতটোত কি ভাষা ব্যৱহাৰ কৰিছে?

উত্তৰ: বৰগীতটোত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছে৷

ঘ) কবিতাটোত উল্লেখ কৰা ‘বলৰাম’ শ্ৰীকৃষ্ণৰ কোন হয়?

উত্তৰ: কবিতাটোত উল্লেখ কৰা ‘বলৰাম’ শ্ৰীকৃষ্ণৰ ককায়েক৷

ঙ) ‘নন্দ গেল বাথানে’ মানে নন্দ ক’লৈ যোৱা বুজাইছে?

উত্তৰ: ‘নন্দ গেল বাথানে’ মানে নন্দ গৰু-ম’হৰ খুটিলৈ‍ যোৱা বুজাইছে৷

চ) ‘ত্ৰিজগত’ শব্দৰ অৰ্থ কি?

উত্তৰ: ‘ত্ৰিজগত’ শব্দৰ অৰ্থ স্বৰ্গ, মৰ্ত্য আৰু পাতাল৷

৩) সোঁফালে দিয়া শব্দবোৰৰ পৰা সমাৰ্থক শব্দবোৰ বিচাৰি লিখা—

শতপত্ৰ—পদুম, পদ্ম, গোলাপ পদুম, পদ্ম
তিমিৰ—আন্ধাৰ, তমসা, ঘন আন্ধাৰ, তমসা
বেণু— বাঁহী, মুৰুলী, তান বাঁহী, মুৰুলী
চান্দ— চন্দ্ৰ, জোন, দিবাকৰ চন্দ্ৰ, জোন
বৰণ— বৰ্ণ, ৰং, পোহৰ বৰ্ণ, ৰং
ৰজনী— ৰজনী, ৰাতি, এন্ধাৰ ৰজনী, ৰাতি

8) তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য লিখা—

কিৰণ: নিতৌ সূৰুযৰ কিৰণে পৃথিৱীখন পোহৰাই তোলে৷

বৰণ: আমাৰ জাতীয় পতাখনত তিনিটা বৰণ আছে৷

বেণু: শ্ৰীকৃষ্ণই বেণু বজাইছিল৷

ত্ৰিজগত: ভগৱানক ত্ৰিজগতৰ পতি বুলি কোৱা হয়৷

৫) সমাৰ্থক শব্দৰে বাক্য লিখা—

পদুম ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম৷
শতপত্ৰ পদ্ম নাভিত পদ্ম থকা বাবে বিষ্ণুৰ আন এটি নাম পদ্মনাভ৷ 
পঙ্কজ বোকাত জন্ম হোৱা বাবে পদুম ফুলক পঙ্কজ বুলি কোৱা হয়৷






ৰজনী ভ্ৰাম্যমাণ নাট্যগোষ্ঠীটোৰ দ্বিতীয় ৰজনীৰ নাটকখন চাই বৰ ভাল লাগিল৷
ৰয়নী ৰাতি‍ ফৰকাল ৰাতি  আকাশত অগণন তৰা দেখা যায়৷
নিশা ফে‍ঁচাই কেৱল নিশাহে‍ চকুৰে দেখা পায়৷






চন্দ্ৰ চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ৷
চান্দ জোন জোন আৰু তৰাই ৰাতিৰ আকাশত পোহৰ বিলায়৷
চন্দ্ৰমা পূৰ্ণিমাৰ চন্দ্ৰমা দেখিবলৈ বৰ শুৱনি৷






বগা গাখীৰৰ ৰং বগা
ধৱলী শুকুলা আমাৰ জাতীয় পতাকাখনৰ মাজত শুকুলা ৰং আছে৷
শুভ্ৰ বিধৱা তিৰোতাগৰাকীয়ে সদায় শুভ্ৰ বসনহে পৰিধান কৰে৷






৬) এটা শব্দত প্ৰকাশ কৰা—

ক) গৰু বন্ধা ৰচী পঘা

খ) যিয়ে ৰাতি নেদেখে কুকুৰীকণা

গ) যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ

ঘ) যিজনে সকলো জানে সৰ্বজ্ঞ

৭) ‘ত্ৰি’ শব্দ লগ লগাই নতুন শব্দ গঠন কৰা—

ত্ৰি + জগত = ত্ৰিজগত
ত্ৰি + শূল = ত্ৰিশূল
ত্ৰি + ভুজ = ত্ৰিভুজ
ত্ৰি + কাল = ত্ৰিকাল
ত্ৰি + কোণ = ত্ৰিকোণ
ত্ৰি + নয়ন = ত্ৰিনয়ন


Sub: English
LESSON 1 - HOBBIES

1. Look at the picture and write what they are doing. You may take help from the words given in the box.


painting, reading, playing, photography, philately, mountaineering

2. Read the following list of activities and circle on the activities you and your friends like to do in the free time.

List of activities

1. Painting, 
2. Drawing, 
3. Listening to music 
4. Drawing
5. Cooking
6. Reading Books
7. Watching T.V.
8. Collecting Postcard
9. Cycling
10. Gardening

3. a) Read

We all love to occupy ourselves with different activities in our free time. We love to play different types of games. We love to sing and dance, draw and paint, read books and travel. These activities give us pleasure. As people say, all work and no play make life dull. There should be combination of work and play that makes our life happy. Activities which give us fun and joy are hobbies.

Hobbies are thus activities that are entertaining and relaxing. They are pursued during leisure time for pleasure or relaxation. They can be educative too. Hobbies help us to use our free time fruitfully. We can keep ourselves busy and active if we take up a hobby.

3. b) Fill in the blanks:

i) The activities like singing, dancing, drawing and painting, reading books, travelling etc. give us    pleasure .

ii) The combination of   work   and   play   make our life happy.

iii) Hobbies are thus activities that are   entertaining   and   relaxing  .

iv) Hobbies are pursued during   leisure   time.

v) Hobbies help us to use our free time   fruitfully  .

3. c) Answer the following questions:

What is a hobby?

Ans: An activity which give us fun and joy is called a hobby.

ii) What do hobbies give us?

Ans: Hobbies give us fun and joy.

iii) What is your hobby?

Ans: My hobby is painting.

3. c) Complete the word web with words related to hobby.

3. d) From the box given below, choose the words which are synonyms of the given words and write in the blanks:

pleasure, free time, lovely begin, energetic, grow, happiness, sporty, pretty, spare time, launch, evolve

i) joy    pleasure, happiness

ii) active    sporty   

iii) start      launch  

iv) beautiful    pretty, lovely

v) leisure    free time, spare time 

vi) develop    grow, evolve  


A synonym is a word that has the same or nearly the same meaning as another word. Example: happy—joyful.

3. e) Let’s read:

Do you remember?

We can make a new word by adding a suffix at the end of a word.
For example- entertain + ment ⟶ entertainment
What is a suffix?
Suffix is a letter or a group of letters added at the end of a word.

Now, write the new words by adding –ment , -ing, -ion to the following-

advance + ment⟶  advancement 

achieve + ment⟶  achievement 

entertain + ing⟶ entertaining 

act + ing⟶ acting

perfect + ion⟶ perfection 

invent + ion⟶ invention

4. Look at the picture of object given below, each object is related to an activity.

Write the name of the object and related activity in the space provided.

One has been done for you.

Object—    bat, ball  

Activity—  playing cricket 

Object—    bicycle  

Activity—    riding   

Object—     pen  

Activity—    writing   


Object—    boat  

Activity—    sailing   


पाठ्यपुस्तकः पलल्लव भाग-2
पाठ-1 : नन्हा मुन्ना राही हूँ

1. गीत की पहली आठ पंक्तियाँ पढ़ो और प्रश्नों के सही उत्तर पर (✔) निशान लगाओ -


नन्हा मुन्ना राही हूँ देश का सिपाही हूँ,

बोलो मेरे संग जय हिन्द .... जय हिंद ....

रास्ते पे चलूँगा न डर-डर के

चाहे मुझे जीना पड़े मर-मर के

मंजिल से पहले न लूँगा कभी दम

आगे ही आगे बढ़ाऊँगा कदम

दाहिने बाएँ-दाहिने बाएँ थम।

नन्हा-मुन्ना राही हूँ.............

(क) गीत मैं देश का सिपाही है -

देश का बच्चा
देश का सैनिक
देश का नागरिक
देश का किसान

(ख) बच्चे कौन-सा नारा दे रहे हैं?

दाहिने बाएँ
रास्ते पे चलूँगा
देश का सिपाही हूँ
जय हिंद...जय हिंद...

(ग) राही का अर्थ है -

रहनेवाला
राह पर चलनेवाला
बालक
सिपाही

2. उदाहरण के अनुसार वर्णों को जोड़कर शब्द बनाओ -

स् + इ + प्+ आ + ह् + ई = सिपाही
क् + अ + द् + अ + म् + अ = कदम
भ् + आ + र्+ अ + त् + अ = भारत
दू + उ + न् + इ + य् + आ = दुनिया
श् + आ + न् + त् + इ = शांति
ध + अ + र् + अ + त +ई = धरती

3. सही शब्द पर गोला 0 लगाओ और उसे कोष्ठक में लिखो-

मंजील मंजिल मजिल  मंजिल 
पसीना मसिना पषिना  पसीना 
बतन वतण वतन  वतन 
मसीन मशीन मशिन  मशीन 
ऊँचा ऊँचा ऊचा  ऊँचा 
बड़ाऊँगा बढ़ाउँगा बढ़ाऊँगा  बढ़ाऊँगा 
जमाना जामाना जामना  जमाना 

4. दिए गए शब्द और उनके अर्थ का मिलान करो -


5. निम्नलिखित मुहावरों का वाक्य में प्रयोग करो -

पसीना बहाना= जीवन में कुछ बड़ा करना है तो पसीना बहाना पड़ेगा।

आगे बढ़ना= देश की उन्नति के लिए हमे एक साथ आगे बढ़ना है।

आँखों का तारा= बच्चे अपने माता-पिता की आँखों के तारे होते हैं।​

मंजिल पाना= अगर हम मेहनत करेगें तो मंजिल पाना आसान होगा।

6. दिए गए शब्दों का अर्थ समझो -

डर-डर के, मर-मर के, रह-रह के, चल-चल के, जल-जल के

7. 'ई' की मात्रा जोड़कर नया शब्द बनाओ -

राह + ई⟶  राही

पाप + ई⟶  पापी

नगर + ई⟶  नगरी

नन्हा + ई⟶  नन्ही


বিষয় - গণিত
পাঠ ৯ - তথ্যৰ ব্যৱহাৰ

দাগচিহ্নৰ সহায়ত তালিকা প্ৰস্তুত:

৷ দাগচিহ্নই 1 বুজাব

৷৷ দাগচিহ্নই 2 বুজাব

৷৷৷ দাগচিহ্নই 3 বুজাব

৷৷৷ দাগচিহ্নই 4 বুজাব

৷৷৷৷ দাগচিহ্নই 5 বুজাব

৷৷৷৷ ৷ দাগচিহ্নই 6 বুজাব, ইত্যাদি৷

প্ৰশ্ন 1. এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ-ছাত্ৰীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ’ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ (বছৰৰ হিচাপত)।

9 9 10 9 10 11 11 11 10 9 9 9
10 10 11 11 11 11 10 9 9 10 10 10
9 12 12 11 13 12 9 10 13 13 9 10
12 12 10 11

ওপৰৰ তথ্যৰ পৰা উত্তৰ দিয়া

তথ্যখিনিৰ পৰা তলৰ তালিকাখন পূৰ কৰা—

বয়স (বছৰৰ হিচাপত) দাগচিহ্ন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
9 বছৰ ৷৷৷৷ ৷৷৷৷ 10
10 বছৰ ৷৷৷৷ ৷৷৷৷ ৷৷ 12
11 বছৰ ৷৷৷৷ ৷৷৷৷ 9
12 বছৰ ৷৷৷৷ 5
13 বছৰ ৷৷৷ 3

তালিকাখনৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা—

(a) 9 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 10

(b) 12 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 5

(c) 12 বছৰতকৈ কম বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 31

(d) 9 বছৰ আৰু 13 বছৰ বয়সৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 13

(e) 10 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী আটাইতকৈ বেছি৷

(f) 13 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী আটাইতকৈ কম৷

(g) 12 আটাইতকৈ বেছি বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা৷

চিত্ৰ লেখ:

চিত্ৰৰ জৰিয়তে তথ্য উপস্থাপন কৰিব পাৰি৷ এইদৰে উপস্থাপন কৰিলে মুহূৰ্ততে তথ্যৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰে।

প্ৰশ্ন: যিকোনো এখন দোকানৰ সপ্তাহটোৰ বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দিয়া ধৰণৰ। (🚲) = ১ খন চাইকেল)

বাৰৰ নাম বিক্ৰী হোৱা চাইকেলৰ সংখ্যা
সোমবাৰ 🚲🚲🚲🚲🚲
মঙলবাৰ 🚲🚲🚲🚲
বুধবাৰ 🚲🚲🚲🚲
বৃহস্পতি‍বাৰ 🚲🚲🚲🚲🚲🚲🚲🚲
শুক্ৰবাৰ 🚲🚲🚲
শনি‍বাৰ 🚲🚲
দেওবাৰ বন্ধ

ওপৰৰ চিত্ৰলেখৰ পৰা উত্তৰ দিয়া—

(a) আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছিল বৃহস্পতি বাৰে৷

(b) গোটেই সপ্তাহটোত বিক্ৰী হৈছিল 26 খন চাইকেল৷

(c) সমান সংখ্যক চাইকেল বিক্ৰী বাৰকেইটা হ’ল মঙলবাৰ, বুধবাৰ

(d) দেওবাৰে বিক্ৰী হৈছিল 0 খন৷

(e) আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছে 8 খন৷

(f) আটাইতকৈ কম চাইকেল বিক্ৰী হেছে 0 খন৷

প্ৰশ্ন: এজন আমৰ ব্যৱসায়ীৰ সপ্তাহটোৰ প্ৰথম চাৰিটা বাৰত বিক্ৰী হোৱা আমৰ পৰিমাণ (কি: গ্ৰা: হিচাপত) তলত দিয়া ধৰণৰ:

বাৰ আমৰ পৰিমাণ (কি‍:গ্ৰা:)
সোমবাৰ 6
মঙলবাৰ 8
বুধবাৰ 5
বৃহস্পতি‍বাৰ 8

তথ্যখিনি চিত্ৰলেখত দেখুৱাবলৈ তলৰ তালিকাখন পূৰ কৰা।

এটা আমৰ চিত্ৰই 1 কি: গ্ৰা: বুজাব।

বাৰ আমৰ পৰিমাণ (কি‍:গ্ৰা:)
সোমবাৰ 🥭🥭🥭🥭🥭🥭
মঙলবাৰ 🥭🥭🥭🥭🥭🥭🥭🥭
বুধবাৰ 🥭🥭🥭🥭🥭
বৃহস্পতি‍বাৰ 🥭🥭🥭🥭🥭🥭🥭🥭

উদাহৰণ: কোনো এটা শ্ৰেণীৰ 25 জন ছাত্ৰ-ছাত্ৰীৰ কোনটো বাৰত কিমানজনৰ জন্ম হৈছিল তলৰ তালিকাখনত চাওঁ আহা:

বাৰ সচিত্ৰ লেখ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
সোমবাৰ 웃웃웃웃 4
মঙলবাৰ 웃웃웃웃 4
বুধবাৰ 1
বৃহস্পতি‍বাৰ 웃웃웃웃웃웃웃 7
শুক্ৰবাৰ 웃웃 2
শনি‍বাৰ 웃웃웃 3
দেওবাৰ 웃웃웃웃웃 5

 — এজন ছাত্ৰ বা ছাত্ৰী বুজাইছে

তালিকাৰ পৰা উত্তৰ লিখোঁ আহা—

1. আটাইতকৈ কম ছাত্ৰ-ছাত্ৰী জন্ম হোৱা বাৰ হৈছে—

উত্তৰ: বুধবাৰ৷

2. বৃহস্পতিবাৰত জন্ম হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা —

উত্তৰ: 7 জন৷

3. শনি আৰু দেওবাৰে মুঠ কিমানজন ছাত্ৰ-ছাত্ৰী জন্ম হৈছে?

উত্তৰ: 8 জন৷ (3+5=8)

4. সমান সংখ্যক ছাত্ৰ-ছাত্ৰী জন্ম লাভ কৰা বাৰ দুটা কি কি?

উত্তৰ: সোমবাৰ আৰু মঙলবাৰ৷

5. বৃহস্পতিবাৰে জন্ম লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মঙলবাৰে জন্মলাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ কিমান বেছি বা কম?

উত্তৰ: 3 বেছি৷ (7-4=3) 

6. 5 বা 5তকৈ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে জন্ম লাভ কৰা বাৰ কেইটাৰ নাম লিখা।

উত্তৰ: বৃহস্পতিবাৰ আৰু দেওবাৰ৷

দণ্ডলেখ অংকন:

দণ্ডলেখ অংকন কৰিবলৈ তলৰ স্তৰসমূহ ব্যৱহাৰ কৰা হয়।

(a) দুডাল লম্বৰেখা অংকন কৰা হয়। এডাল উলম্বভাৱে আৰু আনডাল অনুভূমিকভাৱে৷

(b) অনুভূমিক ৰেখাৰ দিশত এটা প্ৰদত্ত তথ্য আৰু সেই তথ্যৰ বিপৰীতে থকা তথ্যসমূহক উলম্ব ৰেখাৰ দিশত দণ্ডৰ সহায়ত প্ৰকাশ কৰা হয়৷

(c) উলম্ব আৰু অনুভূমিক দুয়োডাল উপযুক্ত স্কেল কোৱা হয়৷

(d) সমান অন্তৰালত সমান ভূমিৰ ওপৰত দণ্ডবোৰ অংকন কৰা হয়৷

(e) প্ৰতিটো দণ্ডৰ উচ্চতাই প্ৰদত্ত তথ্যৰ মান বুজাব।

কোনে এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ:

শ্রেণী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
ষষ্ঠ 40
সপ্তম 35
অষ্টম 50
নৱম 40
দশম 45

তথ্যখিনি দণ্ডলেখৰ সহায়ত কেনেদৰে প্রকাশ কৰিব পাৰি চাওঁ আহা:

1. আটাইতকৈ কম ছাত্ৰ-ছাত্ৰী কোন শ্ৰেণীত আছে? সপ্তম

2. 40 বা তাতোকৈ বেছি ছাত্ৰ-ছাত্ৰী কোন কোন শ্ৰেণীত আছে? ষষ্ঠ, অষ্টম, নৱম, দশম

3. বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? 210

4. সপ্তম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? 80

প্ৰশ্ন: 5 জুন ‘বিশ্ব পৰিৱেশ দিৱস’-ৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যেকেই মিলি গছৰ পুলি ৰুলে। তাৰ তালিকাখন তলত দিয়া ধৰণৰ:

শ্ৰেণী ষষ্ঠ  সপ্তম অষ্টম নৱম দশম
পুলিৰ সংখ্যা 50 75 60 80 110

তথ্যখিনিক তলত দণ্ডচিত্ৰত প্ৰকাশ কৰা—


(a) অনুভূমিক তথ্যত থাকিব শ্ৰেণী

(b) উলম্ব তথ্যত থাকিব পুলি‍ৰ সংখ্যা

(c) উলম্ব অক্ষৰ স্কেল হ’ব 1 একক দৈৰ্ঘ্য = 10 টা পুলি৷

(d) দশম শ্ৰেণীৰ দণ্ডডাল আটাইতকৈ বেছি উচ্চতাৰ৷

(e) ষষ্ঠ শ্ৰেণীৰ দণ্ডডাল আটাইতকৈ কম উচ্চতাৰ৷

(f) আটাইকেইটা শ্ৰেণীয়ে ৰোপণ কৰা মুঠ পুলিৰ সংখ্যা 375

(g) আটাইতকৈ বেছি পুলি ৰোপণ কৰা শ্ৰেণীটো হ’ল দশম

প্ৰশ্ন: 6 সোমবাৰৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তালিকা তলত দিয়া হ’ল:

শ্ৰেণী ষষ্ঠ  সপ্তম অষ্টম নৱম দশম
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 65 58 75 40 35

তালিকাৰ পৰা দণ্ডচিত্ৰ প্রস্তুত কৰা আৰু তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা।

(a) আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কোনটো শ্ৰেণীত দেখা গৈছে? সপ্তম

(b) সেইদিনা বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? 273

(c) নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? (তালিকাৰ পৰা) 75


বিষয়: বিজ্ঞান
পাঠৰ নং ১— উদ্ভিদৰ পৰিপুষ্টি

পূৰ্বজ্ঞান:

আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পাওঁ। তোমলোকে জানা যে সকলো উদ্ভিদৰেই আকৃতি, শিপাৰ গঠন, পাতৰ ৰং আদি সকলো বেলেগ বেলেগ। উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা পত্ৰহৰিতৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল’ব পাৰে৷ কিন্তু এনে ধৰণৰ কিছুমান উদ্ভিদো আছে যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। তেতিয়া উদ্ভিদবোৰে কিছুমান মৰি যোৱা বস্তুৰ ওপৰত, কিছুমানে আন গছৰ ওপৰত আশ্ৰয় লৈ, কিছুমানে উদ্ভিদে আকৌ বেলেগ গছৰ ওপৰত আশ্ৰয় লোৱাৰ উপৰি সেই উদ্ভিদৰ পৰাই খাদ্য আহৰণ কৰে আৰু আন এবিধ উদ্ভিদে পোক-পতংগ আদি খাই পুষ্টি আহৰণ কৰে। এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভিদবোৰক মৃতজীৱী, সহজীৱী, পৰজীৱী আৰু পতংগভোজী উদ্ভিদ হিচাপে ভাগ কৰা হয়।

কাৰ্য:

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে তোমালোকে তোমালোকৰ পৰিৱেশত পোৱা কপৌফুল, শগুনিলতা বা অমৰলতা, কাঠফুলা বা ভেঁকুৰ আৰু কলচী উদ্ভিদ বা দ্ৰসেৰাৰ (যদি উপলব্ধ হয়।) গছকে‍ইজোপা পৰ্যবেক্ষণ কৰা৷ (তলৰ তলিকাখনত গছকেইজোপাৰ ছবি দিয়া হৈছে। গছকেইজোপা বিচাৰি নাপালে তলত দি থোৱা ছবিবোৰেই ভালকৈ পৰ্যবেক্ষণ কৰিবা। প্ৰয়োজন সাপেক্ষে চিনাক্তকৰণত অসুবিধা হ’লে জনা লোকৰ সহায় ল’বা, অথবা তোমালোকৰ পাঠ্যপুথিৰ নিৰ্দিষ্ট পাঠটোৰ সহায় ল’বা)। এতিয়া এই গছকেইজোপাৰ পাতৰ ৰং, গা-গছ লেহুকা নে টান, শিপাৰ গঠন, ফুল ফুলেনে নুফুলে এই সকলোবোৰ ভালকৈ নিৰীক্ষণ কৰি তলৰ তলিকাখন পূৰ কৰা৷ ইয়াৰ উপৰি তোমালোকৰ চাৰিওফালৰ পৰিৱেশত পোৱা এনে ধৰণৰ অন্য কেইবিধমান উদ্ভিদ পৰ্যবেক্ষণ কৰি তালিকাখনত অন্তৰ্ভুক্ত কৰিবা।

উদ্ভিদৰ নাম আৰু ছবি পৰ্যবে‍ক্ষণ
উদাহৰণ কেনে ধৰণৰ ঠাইত গজে/ আশ্ৰয় লয় কাণ্ড বা গা-গছৰ গঠন (টান নে লেহুকা) পাত আছে নে নাই যদি আছে পাতৰ ৰং শি‍পাৰ গঠন কে‍নেদৰে পৰিপুষ্টি লাভ কৰে
কপৌফুল

আন স্বপোষী উদ্ভিদৰ গাত আশ্ৰয় লয় টান আছে, সেউজীয়া x আন উদ্ভিদৰ পৰা পৰিপুষ্টি লাভ কৰে‍
শগুনিলতা

আন স্বপোষী উদ্ভিদৰ গাত আশ্ৰয় লয় টান আছে, সেউজীয়া x আন উদ্ভিদৰ পৰা পৰিপুষ্টি লাভ কৰে‍
কাঠফুলা

গেলি‍-পচি যোৱা জাবৰৰ ওপৰত গজে‍ লেহুকা নাই x মৃত উদ্ভিদ, জাবৰ-জোঁতৰৰ পৰা পুষ্টি লাভ কৰে৷
কলচী উদ্ভিদ

গ্ৰীষ্মমণ্ডলীয় জলাহভূমি অঞ্চলত লেহুকা আছে, সেউজীয়া x পোক-পতংগৰ পৰা
.
.
.
.




.
.
.
.




মূল্যায়ন:

১. কলচী বা দ্ৰসেৰা উদ্ভিদৰ খাদ্য আহৰণৰ মূল উৎস হ’ল

  (ক) সূৰ্যৰ পোহৰ

  (খ) মাটি আৰু খনিজ লৱণ

  (গ) পানী

  (ঘ) পোক-পতংগ

উত্তৰ: (ঘ) পোক-পতংগ৷

২. কপৌফুল গছজোপাই পৰিপুষ্টি লাভ কৰাত গছজোপাৰ কোনটো অংগই সহায় কৰে?

  (ক) পাত

  (খ) শিপা

  (গ) কাণ্ড

  (ঘ) ফুল

উত্তৰ: (খ) শিপা৷

৩. মৃত, গেলি-পছি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰা এবিধ গছৰ নাম হ’ল—

  (ক) মানিমুনি শাক

  (খ) শেলাই

  (গ) ভেঁকুৰ

  (ঘ) কপৌফুল

উত্তৰ: (গ) ভেঁকুৰ৷

কাৰ্য: বিভিন্ন ৰঙৰ পাতৰ উদ্ভিদৰ লগত চিনাক্তকৰণ।

শিকন ফলাফল: এই কাৰ্যৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে—

(১) সেউজীয়া ৰঙৰ পাতৰ উদ্ভিদৰ বাহিৰেও অন্য ৰঙৰ পাতৰ উদ্ভিদতো সালোকসংশ্লেষণ হয় বুলি জানিব।

(২) সেউজীয়া ৰঞ্জক, পত্ৰহৰিৎ আৰু অন্য ৰঞ্জকৰ বিষয়েও জানিব।

পূৰ্বজ্ঞান:

আমি আমাৰ চৌপাশত বিভিন্ন ধৰণৰ উদ্ভিদ দেখিবলৈ পাওঁ। সেউজীয়া ৰঙৰ পাতৰ বাহিৰেও আমি অন্য ৰঙৰ পাতৰ উদ্ভিদো দেখিবলৈ পাওঁ। এইবোৰ উদ্ভিদতো সালোক সংশ্লেষণ হয়। বেছি পৰিমাণে থকা ৰঙা, বাদামী আৰু অন্য ৰঞ্জক পদাৰ্থই সেউজীয়া ৰঙটোক আৱৰি থাকে বাবে এই উদ্ভিদবোৰৰ পাত ৰং-বিৰঙৰ হয়।

প্ৰক্ৰিয়া:

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমলোকে তোমালোকৰ চৌপাশৰ নানা ৰঙৰ পাতৰ উদ্ভিদবোৰ পৰ্যবেক্ষণ কৰা৷ (তলত কেইজোপামান উদ্ভিদৰ ছবি দিয়া হৈছে। যদি তোমালোকে উদ্ভিদকেইজোপা বিচাৰি পোৱাত অসুবিধা হয়, তেতিয়া তলৰ ছবিবোৰ ভালকৈ পৰ্যবেক্ষণ কৰিবা। চিনাক্তকৰণত অসুবিধা হ’লে অভিভাৱকৰ সহায় ল’বা।)

তলৰ ছবিকেইখনলৈ মন কৰা৷ উদ্ভিদকেইজোপা চিনাক্ত কৰি তলত দিয়া নিৰ্দিষ্ট ঠাইত উদ্ভিদকেইজোপাৰ নাম আৰু পাতৰ ৰং উল্লেখ কৰা—

উদ্ভিদৰ নাম: ........ 
পাতৰ ৰং: ...............

উদ্ভিদৰ নাম: ........ 
পাতৰ ৰং: ...............

উদ্ভিদৰ নাম:   মচ  
পাতৰ ৰং:   সেউজীয়া  

উদ্ভিদৰ নাম: ........ 
পাতৰ ৰং: ...............

উদ্ভিদৰ নাম: ........ 
পাতৰ ৰং: ...............

উদ্ভিদৰ নাম:   ৰঙা জবা  
পাতৰ ৰং:   সেউজীয়া  

এতিয়া তলৰ তালিকাখন পূৰ কৰা৷ যিবোৰ উদ্ভিদত সেউজীয়া ৰঞ্জকৰ পৰিমাণ বেছি সেইবোৰ উদ্ভিদৰ নাম ‘ক’ স্তম্ভত আৰু যিবোৰ উদ্ভিদত অন্য ৰঞ্জকৰ পৰিমাণ বেছি সেইবোৰৰ নাম ‘খ’ স্তম্ভত লিখা।

প্ৰশ্ন-উত্তৰ শিতান:-

১) ওপৰত দেখা বিভিন্ন ৰঙৰ পাতৰ উদ্ভিদৰ উপৰি তোমাৰ চৌপাশত পোৱা আন তিনিবিধ বিভিন্ন ৰঙৰ পাতৰ উদ্ভিদৰ নাম উল্লেখ কৰা।

ক)

খ)

গ)

২) পাতত পোৱা সেউজীয়া ৰঞ্জক পদাৰ্থবিধৰ নাম কি?

উত্তৰ: পত্ৰহৰিৎ৷

৩) উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰাত সহায় কৰে?

ক) শিপা খ) কাণ্ড গ) পাত ঘ) ফুল

উত্তৰ: গ) পাত৷


বিষয়: সমাজ বিজ্ঞান
পাঠ নং ১— ভূ-পৃষ্ঠত সময় গণনা

কাৰ্য নং ১: সোঁকাষত দিয়া তালিকাখনৰ পৰা চিত্ৰৰ বাহিৰত থকা খালী বাকচসমূহত শুদ্ধ উত্তৰটো লিখা৷

কাৰ্য নং ২: তলত দিয়া তালিকাখনৰ পৰা শুদ্ধ দ্ৰাঘিমাংশৰ মান উলিয়াই চিত্ৰসমূহত বহুওৱা—

কাৰ্য নং ৩: পাঠৰ ১১ পৃষ্ঠাৰ পৰা ১৭ পৃষ্ঠালৈ পঢ়া আৰু ভূ-চিত্ৰাৱলীৰ সহায়ত তলৰ বাকচসমূহত ‘’ বা ‘’ চিহ্ন দি সঁচা বা মিছা নিৰ্ণয় কৰা—

১) কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে৷

২) ৰে’লগাড়ী, বিমান আদি চলাচলত ১২ ঘণ্টীয়া ঘড়ী ব্যৱহাৰ হয়।

৩) পৃথিৱীখনে পূবৰ পৰা পশ্চিমৰ দিশে দৈনিক গতি কৰে৷

৪) চেক্সটাণ্ট যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি৷

৫) ১৮০° দ্ৰাঘিমা ৰেখাডালক পূব আৰু পশ্চিম দুয়োটা দিশতে গণনা কৰা হয়। ✔

৬) অসমখন পৃথিৱীৰ দক্ষিণ গোলাৰ্ধৰ ওপৰত অৱস্থিত৷

৭) আন্তর্জাতিক তাৰিখ ৰেখাডাল একা-বেঁকা৷

কাৰ্য নং ৪: খালী ঠাই পূৰ কৰা (পাঠৰ ১৫ ৰ পৰা ১৮ পৃষ্ঠা)

১) (কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই হ’ল সেই ঠাইখনৰ   অক্ষাংশ 

২) প্ৰতি ৪ মিনিটত এডাল দ্ৰাঘিমাই   ১°  দূৰত্ব অতিক্ৰম কৰে।

৩) প্ৰতি ১ ডিগ্ৰীক   ৬০   মিনিটত আৰু   ৩৬০০  চেকেণ্ডত ভগোৱা হয়।

৪) আটাইতকৈ দীঘল অক্ষৰেখাডাল হ’ল  বিষুৱৰেখা  আৰু আটাইতকৈ চুটি‍ অক্ষৰেখা দুডাল হ’ল ৯০° উত্তৰ আৰু ৯০° দক্ষিণ

৫) গ্ৰীনিজৰ তুলনাত আগতীয়াকৈ কোনো ঠাইত দুপৰীয়া হ’লে ঠাইখন  পূব  দ্ৰাঘিমাংশত আৰু পলমকৈ হ’লে  পশ্চিম   দ্ৰাঘিমাংশত অৱস্থিত।

কাৰ্য নং ৫: চমু উত্তৰ দিয়া—

১) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ: সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন৷

২) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ: আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য৷ 

৩) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কিমান নম্বৰ স্থানত?

উত্তৰ: সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান তিনি‍ নম্বৰ স্থানত৷ 

৪) কোন দুটা গ্ৰহৰ মাজত গ্ৰহানুপুঞ্জবোৰ দেখা যায়?

উত্তৰ: মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহানুপুঞ্জবোৰ দেখা যায়৷

৫) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ: সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি৷ 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ